নতুন বছৰত আমি কি নতুন হ'লো-হেমেন হাজৰিকা

বহুত হৈ চৈ কৰি , ৰাতি দূৰলৈ মিউজিক চিষ্টেমত হাই ভলিউমত গান শুনি, টোপনি ক্ষতি কৰি বহু কিবা কিবি কৰি নতুন বুলি এটা বছৰ আদৰি লও সংকল্প লও ,
 প্ৰতিশ্ৰুতি দিও এইটো কৰিম সেইটো কৰিম এইটো আৰু কেতিয়াও নকৰোঁ ইত্যাদি ইত্যাদি । কিন্তু সকলো ফুটুকাৰ ফেন । সেই সংকল্প, সেই প্ৰতিশ্ৰুতি, সকলো তেনেদৰে পৰি থাকিল । সকলো পুনৰ সোঁতৰ লগত মিলি গ'ল । তেতিয়া হ'লে আমি কি সংকল্প ললো আৰু কিয় লৈছিলোঁ মিছা সংকল্প । কুকুৰে চাই এৰিব নোৱাৰাৰ দৰে আমিও আমাৰ স্বভাৱ এৰিব পাৰিম জানো ? তেনেকুৱা কিমান নতুন সংকল্প, নতুন প্ৰতিশ্ৰুতি কালৰ সোঁতত উটি গ'ল । আমি কিন্তু তাতেই পৰি থাকিলোঁ  ।
       অসমৰ বৌদ্ধিক ক্ষেত্ৰ খনৰ স্বনামধন্য ব্যক্তি, প্ৰসিদ্ধ সাহিত্যিক, অসম সাহিত্য সভাৰ তদানীন্তন সভাপতি, দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক, সন্মানীয় কনকসেন ডেকা দেৱে কৈছিল নতুন পুৰুষে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক । কিন্তু আমাৰ নতুন পুৰুষে নতুন সমাজ গঢ়িবলৈ কি সংকল্প লৈছে সেয়া আমি ধৰিব পাৰিছো  ।
    পুৰণি বছৰ এটা শেষ হোৱা আৰু নতুন বছৰ এটা আৰম্ভ হোৱা এক স্বাভাৱিক মানৱ শৈলীৰ অংগ । এৰি অহা বছৰটোৱে মানুহক দিয়ে অভিজ্ঞতা । জীৱনক যুকিয়াই চাবলৈ দিয়ে শক্তি । আনহাতে নতুন বছৰটোৱে দিয়ে আগুৱাই যোৱাৰ অফুৰন্ত শক্তি । সম্ভাৱনাময় বছৰ এটা আমি নতুন উদ্যমেৰে নতুন শক্তিৰে নতুন প্ৰতিশ্ৰুতিৰে কিদৰে আগুৱাই লৈ যাব পাৰোঁ সেই সমগ্ৰ বিষয়টো ব্যক্তিজনৰ কাৰ্যৰূপায়নৰ ওপৰত নিৰ্ভৰশীল হ'ব  ।
   ২০২১ইংৰাজী বৰ্ষটো অন্ত পৰিল । জীৱনৰ সীমাৰেখা ডাল আৰু এখোজ আগুৱাই গ'ল । বিভিন্ন সমস্যা যেনে মানৱ সৃষ্ট আৰু প্ৰাকৃতিক সৃষ্ট ঘাত-প্ৰতিঘাতত জৰ্জৰিত পৃথিৱীবাসীয়ে পুনৰ এটা বছৰ বিলাই দি নতুন বছৰ এটা আদৰি লৈছে । নতুন মানেই আশা, প্ৰত্যাশা, পৰিকল্পনা, নতুন উদ্যম, নতুন চিন্তা-ভাৱনা নতুন সপোন ৰচাৰ সময় । পুৰণিক বিদায় দি নতুনক আদৰি লোৱাটোৱেই প্ৰকৃতিৰ নিয়ম । পৰিবৰ্তন প্ৰকৃতিৰ চিৰন্তন স্বাভাৱিক আৰু অবিৰত প্ৰক্ৰিয়া  ।
    আধুনিক জীৱন যাত্ৰা অতি দ্ৰুত । বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ চিন্তা,কৰ্ম ৰূপায়নৰ পৰিবেশ সলনি কৰি পেলাইছে । আমাৰ চাৰিওফালৰ প্ৰতিযোগিতামুখী পৰিবেশত নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে উজ্বলি উঠাটো সম্ভৱ নহয় । পুৰণি আৰু নতুনৰ সমন্বয় সাধন কৰিব লাগিলে আমাৰ চিন্তা-ধাৰাৰো সলনি হ'ব লাগিব । সময়ৰ বোকোচাত উঠি প্ৰকৃতিয়ে বিদায় দি ধৰাৰ বুকুত ৰচনা কৰে নতুনত্বৰ অবিৰত যাত্ৰা আৰু এই যাত্ৰাপথত কালৈকো অপেক্ষা নকৰি নিজ গতিপথেৰে গতি কৰি থকাটোৱেই সময়ৰ মূল নিয়ম ।
    এদিন দুদিনকৈ পল পল দণ্ড ধৰি এমাহ দুমাহ কৈ বছৰবোৰ পাৰ হৈ গৈ আছে । প্ৰতিবাৰেই অযুত সম্ভাৱনা বুকুত লৈ আমি গৈ থাকো উভতি নহা বাটেৰে । কেতিয়াবা কেতিয়াবা ভাৱ হয় এই পৃথিৱীত মই নথকা হ'লেও দিন, ৰাতি,মাহ বছৰবোৰ সময়ৰ আচলত ধৰি গতানুগতিক ভাৱে গৈ থাকিলে হয় । মই নথকা হ'লেও জোন- বেলি-তৰা ওলায়েই থাকিল হয় । এই যে মই আছো সেই কথাটো কিমানে জানে । কিমানে মোক চিনি পায় । পুৱা গধূলি ওলাওতে, সোঁমাওতে মোৰ ভৰিৰ গছকত মৰি মৰি জীয়াই থকা চোতালৰ দুৱৰিবোৰে , খিৰিকীৰ কাষৰ হাচনাহানাজ জোপাই , শেৱালী জোপাই , পুৱা গধূলি এচৰু দচলু কৈ পানী খাই কোনো মতে জীয়াই থকা টাৱৰ ফুলবোৰে জানো মোৰ অস্তিত্ব অনুভৱ কৰে 
পুৱাই উঠি মই দিয়া বিস্কুট খাই দিনটোলৈ উৰামৰা মোৰ চুবুৰীৰ চৰাই- চিৰিকটিবোৰে জানো মোক চিনি পায়  ? ৰদে বৰষুণে,ছাৰে আহে থিয় হৈ থকা গছ- গছনিবোৰৰ সতে সেউজীয়াৰ গোপন মন্ত্ৰ পাঠ কৰিবলৈ মোৰ জানো আহৰি আছে ? ৰাস্তাৰ কাষৰ তেজ বমি কৰিছিল ভোলোঙা খাই পৰি থকা গছ- গছনিবোৰ দেখি এবাৰকৈ হ'লেও মোৰ বুকুখন মোৰ খানে ? ক্ৰমে অৰণ্যৰ চিনাকি মাতবোৰ চুটি হৈ হৈ ওখ দেৱাল আৰু অট্টালিকাত হেৰাই গৈছে । এতিয়া ৰুক্ষ মন , ৰুক্ষ শৰীৰ , নপুংসক যৌৱন । অম্লজানৰ অভাৱত আতুৰ আমি । কৃত্ৰিম উশাহত ক্লান্ত সময়  ।
      মই কাৰ বাবে জীয়াই আছো ? মোৰ আই- পিতাক , আত্মীয় কুটুম ? ওচৰ চুবুৰীয়া ? বন্ধুমহল ? সেউজীয়া উশাহ দিয়া গছ-গছনিবোৰৰ বাবে মই আছো নে ? চৰাই-চিৰিকটি, কীট- পতঙ্গ, জীৱ-জন্তুৰ বাবে ? জীয়াই আছো নে মই নৈ নিজৰা জান জুৰি বোৰৰ বাবে ? বতাহত ওপঙি ফুৰেনে গোন্ধ ? মাটিয়ে শুনেনে মোৰ মাত ? গো-বাট এটাৰে ওলাই আহি আজি মই ফু মাৰি ভাত খাৱ পৰা বাটত খোজ কাঢ়িছো  ।
     গভীৰ অৰ্থত নতুন বছৰ বা বছৰৰ প্ৰথম নতুন দিন বুলি একো কথা নাই যদিও এনে এটা দিন মানুহে বাছি লৈছে গতানুগতিকতাৰ পৰা আঁতৰি জীৱনৰ অলপ সুকীয়া স্বাদ লাভ কৰিবৰ বাবে । কিন্তু আমি নতুন বুলি আদৰি লোৱা বছৰটোত যদি আমি পাৰ হৈ যোৱা বছৰবোৰৰ দৰে একে বোৰ কামে কৰি যাও তেন্তে নতুন বছৰটোত আমি কি নতুন হলো ? পাৰিবনে আমি নিজকে সলনি কৰিব অনাগত দিনবোৰত  ?

        

Post a Comment

Previous Post Next Post