নতুন দিগন্ত-নিজৰা বৰ্মন ডেকা

©Admin
0
সময়ৰ তেজাল তামী ঘোঁৰাত উঠি
এটি বছৰৰ ঘটিল পৰিসমাপ্তি।

নিশাৰ আৱৰণ কাটি কৰি থৈ
সূৰুযে মাৰিলে মিচিকি হাঁহি ।

মোৰ মন সাগৰত পালতৰা এখনি আশাৰ নাও
শব্দহীন অন্তহীন স্ৰোতত নিতে উটুৱাও।

আশাৰ পাণ্ডুলিপি সময় পৰুৱাৰ বোকোচাত উঠি
বিজুলী গতিৰে আগুৱাই নতুন দিগন্তলৈ বুলি ।

আশাভৰা জীৱনৰ সোণাৰুফুলীয়া আলি
য'ত থাকিব শান্তি ,প্ৰগতি আৰু সম্প্ৰীতি ।

হাতে হাত ধৰি নৱ প্ৰভাতৰ আলোক আনিম আজুৰি 
হেঙুলী ৰঙেৰে সজাই তুলিম হৃদয়ৰ বাকৰি ।

জীৱনৰ খলা-বমা পথত পোহৰৰ ফিৰিঙটি
হয়তো হ'ব পাৰে হ'ব নতুন দিগন্তলৈ বাট মুকলি । 

পোৱা নোপোৱা বেদনাৰ  বহুৰঙী দলিচা খনি  
নদীৰ স্ৰোতত উটুৱাম মোৰ 
দুখৰ পাণ্ডুলিপি।

হিয়াৰ একোণত পুহি ৰাখিছো অযুত আশা 
পৃথিৱীক ৰঙীণ কৰি সজাৰ কৰিছো আখৰা ।
 
দেখিছো দূৰ দিগন্তত পোহৰৰ ৰেঙনি 
পৃথিৱীৰ দাপোণত পৰিছে তাৰেই প্ৰতিচ্ছবি ।

তমসাভৰা কাল অমানিশা কাটি কৰি থৈ
হেঁপাহবোৰ বুকুত বান্ধি নতুন দিগন্তলৈ যাম আগুৱাই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)