হেঁপাহৰ বিয়াখন (১ম খণ্ড)

©Admin
0
বহু দিনৰ মূৰত গাওঁ খনত এখন বিয়া ওলাইছিল।পাতলী পেহীৰ জীয়েক মইনাৰ বিয়া। আমাৰ পৰা তিনি কিলোমিটাৰ মান নিলগৰ গাঁও খনত বিয়াহে হোৱা নাছিল,ডেকা-গাভৰু হঁতে সংসাৰ কিন্তু নিজে নিজে ঠিকেই পাতি লৈছিল। বিহু মৰা, সহ অভিনয়ৰ নাটক কৰা, গাঁৱৰ পৰা আঢ়ৈ কিলোমিটাৰ নিলগৰ হাই স্কুলখনলৈ একেলগে খোজকাঢ়ি অহা যোৱা আদি কামবোৰে দুভাগ খিনি আতৈ- আতৈয়নীক বিয়ৈ বিয়ৈনীলৈ ৰূপান্তৰ কৰাত সহায় কৰিছিল। গাঁৱৰ ছোৱালী গাঁৱতে ৰখাটো যেন কিছু দিনলৈ অঘোষিত প্ৰতিযোগিতা হে চলিছিল।এই বোৰৰ মাজতো কিন্তু গা বছাই চলা ল'ৰা ছোৱালীও কম নাছিল। তাৰে ভিতৰত এজনী হ'ল মইনা। দুবাৰকৈ (চাপ্লিমেন্টেৰী সহ) মেট্ৰিক পৰীক্ষা দিয়ো কিন্তু অংক আৰু ইংলিছৰ কাৰণে পাছ হে কৰিব নোৱাৰিলে। ‌ ৰহাচকী গাঁৱৰ গাওঁবুঢ়াৰ পুতেক বেনুধৰ, মইনাৰ পেহীয়েকৰ পুতেক জীৱনৰ লগত ম'হযুঁজ চাবলৈ আহি সিহঁতৰ ঘৰত সোমাইছিলহি।জলপানৰ পিছত তামোল দিওঁতে পাণ লোৱাৰ চলতে তাইৰ আঙুলিত চিকুটি দিছিল।সেই চিকুটতোৱেই বʼহাগৰ পোন্ধৰ তাৰিখে পেহীহতঁৰ ঘৰলৈ মাইক আৰু বেণ্ডপাৰ্টী ‌মাতিলে , মানে মইনাৰ বিয়া। বিয়া মানে বৰ বিয়ায়েই । গোটেই গাঁওখনতে উখল- মাখল। গাঁৱৰ বোৱাৰী-জীয়ৰী বোৰে ধানমেলা, ধান বনা,চিৰা-সান্দহ খুন্দা, প্ৰসাদ আৰু আঞ্জাৰ কাৰণে মাহদলা, চোতাল- ঘৰ সৰা-মোছা আদি কামবোৰ আনন্দ উল্লাসৰে হাঁহি খিকিন্দালি , জোৰানামৰ আখৰাৰ মাজেৰে কৰি গৈছে। ল'ৰাবোৰে গছকাটি খৰিফলা, ৰভাৰ বাবে ঘৰৰ বা আনৰ বাৰীৰ পৰা বাঁহ কাটি অনা‌ ,নিজৰ লগতে আন গাঁৱলৈকে পাঁচ সেৰীয়া, দহ সেৰীয়া কলহ কঢ়িয়াই নি দৈৰ কাৰণে গাখীৰ লগোৱা কামবোৰ এলাহ নকৰাকৈ কৰি গৈছে। বয়সীয়া মহিলা সকলে ভকত সোধাৰ বাবে কোমল চাউলৰ জলপান, সান্দহ আৰু পিঠা-পনাৰ কাৰণে খোলা পাতিছেগৈ। সন্ধিয়া সন্ধিয়া ৰাইজ চাপি মাহ, চাউল, জলপান ,দৈ ,গুৰ, তামোল পাণ আদি ক'ত কিমান লাগিব,ভকত আদৰণি কেনেকৈ হ'ব,দৰা ঘৰীয়াক কি খোৱাই কেনেকৈ সন্তুষ্ট কৰিব, কেনেকৈ কইনা ঘৰৰ লগতে গাওঁ খনৰো মান-সন্মানৰ হানি নহ'ব ইত্যাদি ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনা কৰিছেহি। মুঠতে গোটেই গাওঁ খনৰ মানুহে গাঁৱৰ বিয়া বুলি নহয় ঘৰৰ বিয়া বুলি দেহে-কেহে খাতিছে । ধান মাহ সৰিয়হ আদি বেচি বহুতে নিজৰ আৰু ল'ৰা ছোৱালীৰ কাৰণে নতুন কাপোৰ কিনিছে। ছোৱালী বোৱাৰী বোৰে গোন্ধচাবোন,গোন্ধতেল ,কুমকুম, কাজল ,সৃঙ্গাৰ ফোট,হিমানী-পাউদাৰ, চেন্দেল আদি অনাইছে।
      প্ৰাক-বিশ্ববিদ্যালয়ৰ চুড়ান্ত পৰীক্ষা দি আহি ঘৰত এনেয়ে আছিলোঁ। একেবছৰতে(১৯৭৬ চনত) মেট্ৰিক দিয়া মইনাই লগ ভাত খাবলৈ আহি আৰু বিয়ালৈ মাতিবলৈ আহি পেহীয়ে মোক বিয়াৰ কেইদিনমানৰ আগতে পঠিয়াই দিবলৈ দেউতাক দহোকুৰি কৈ গ'ল।
      আগলৈ...

🖋️ দেৱ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)