ভোগালী বিহুৰ জাননী

©Admin
0
হেঁপাহৰ ভোগালী
চিক্-মিক্ বিজুলী,
নিয়ৰ সৰা গধূলি
মেজিৰ তলত ধেমালি।
আনন্দত বিভোৰ,
"ভোগালী বিহুৰ জাননী"
ঐনিতমৰ সুৰৰ ঝংকাৰত 
শব্দৰ কোলাহলে;
উজাগৰে কটাও,
মাথোঁ হয়; শংখ ধ্বনি।
কৃষক সকলৰ সোণগুটি
ভঁৰালত উপচাই,
আত্মহাৰা চহা জীৱনৰ বসতি।
"ভোগালী বিহুৰ জাননী"
মাদকতাৰ আশ্চর্য্য বিভূতি
মাঘৰ বিহুত মেজি জ্বলাই।
অভাৱ-অনাটনো জাহ গৈ,
দুখ-দুৰ্দশা, হিংসা, দুৰ্নীতি পৰিহাৰ কৰি;
ঘূৰি আহক ভোগালীত সুখ, শান্তিৰ সমৃদ্ধি।

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)