মৰমৰ বৰষা -পৰিস্মিতা নাথ

মেঘলৈ লিখা চিঠিখন পাইছা নহয়?
তোমাৰ অভিমানৰ আচলত বৈ অহা যন্ত্ৰণাৰ
 নদীখনে উবুৰাই পেলাইছিল,
মোৰ মনৰ ৰংঘৰটোক । 
কিন্তু আজি তোমাৰ উপস্থিতিয়ে 
জীপাল কৰিলে মোৰ বিষণ্ণ বিবেক।
তোমাৰ অনাকাঙ্খীত আগমনে 
বাৰুকৈয়ে মতলীয়া কৰে । 
সংগীবিহীন ডাৱৰীয়া নিশাবোৰত 
তোমাৰ বৰষুণৰ টোপালত প্ৰাণ পাই উঠে জোনাক। 
মেঘৰ চিঞৰৰ সুযোগত, হেঁপাহ পলুৱাই
 বিষাদৰ টোপালবোৰ নিগৰাইছো জানা! 
তোমাৰ সান্নিধ্যত শান্তিৰ দুৱাৰদলিত ভুমুকি
 মাৰিবলৈ দিয়াৰ বাবে অশেষ ধন্যবাদ । 
সুখৰ পিয়াহত আতুৰ এই অভাগিৰ
 তুমিয়েই স্বপ্নাতুৰ সঁহাৰি। 
আকৌ আহিবা !
শান্তি ৰং চটিয়াবলৈ মোৰ ভগা হৃদয়ৰ পঁজাত
মই ৰৈ থাকিম তোমাৰ অপেক্ষাত...
                                     

Post a Comment

Previous Post Next Post