কথোপকথন - বুদ্ধেশ্বৰ মাহালী

©Admin
0
               (১)
হৃদয়ৰ দুৱাৰখনৰ খিলিটো
পুনাইয়ে থৈছিলোঁ;
তোমাৰ অভিমানৰ পোছাকযোৰ
সোলোকাই থৈ দুৱাৰখন
অন্ততঃ এবাৰ নিজৰ ফালে টানি
সোমাই আহিব পাৰিলাহেঁতেন,
চাব পাৰিলাহেঁতেন,
বিশৃংখল হৈ থকা মোৰ হৃদয়ৰ চৌপাশ....!
 
            (২)
তুমিতো জানাই,
বুকুখন এতিয়া উদং মৰুভূমি,
এপিয়লা মৰমৰ আশাত
কামিহাড়ে চেপি থোৱা পীপাসু
কলিজাটো নিতৌ শুকান হৈ থাকে,
যেন এজাক বৰষুণত তিতাৰ দুৰ্বাৰ হেপাঁহ...!

            (৩)
কেতিয়াবা মোৰ পদূলিয়েদি
পাৰ হওঁতে এবাৰ ঘূৰি চাবাচোন,
নতুবা সেই দীঘলীয়া পদূলিয়েদি এবাৰ আহি মোৰ অন্ধকাৰ কোঠাটোলৈ জুমি চাবা;
তাতে দেখিবা ,
হৃদয়ৰ মকৰাজালত 
আৱদ্ধ হৈ থকা 
হেজাৰ-হেজাৰ বাসনা;
কিছু আহত, কিছু নিহত।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)