দোষ আমাৰেই--মনোৰমা দাস

©Admin
0
ৰাজ বৰুৱাৰ একমাত্ৰ  পুত্ৰ   ৰোহন বিপদগামী হ'ল ।ৰোহনৰ  উৎপাত  বাঢ়ি  আহিল । দৈনিক মদ ভাং, ড্ৰাগছ খাই নিশা দুপৰত ঘৰত  সোমাই মাতৃ ৰাণীমাৰ লগত কাজিয়াৰ সৃষ্টি কৰে । 
  এদিন পিতৃ  ৰাজ  বৰুৱাই নিশা  পুত্ৰ ৰোহনক বহুত পিতিলে । খঙৰ ভমকত  ৰোহনেও  পিছদিনা  দোকানৰ পৰা  ফেনাইল কিনি আনি  খায় বিচনাত  লাংখাই পৰি থাকিল । মাতৃ  ৰাণীমাই  নিশা ৰোহনৰ ৰুমলৈ  গৈ  পুত্ৰৰ অবস্থা দেখা পাই স্বামী  ৰাজক চিঞৰি মাতি  লগে লগে চিকিৎসালয়ত ভৰ্তি কৰে। সৌভাগ্যক্ৰমে  কম  পৰিমাণে  ফেনাইল  খোৱা বাবে  এইবাৰলৈ  ৰোহনৰ জীৱন ৰক্ষা পৰিল ।                                             ৰাজ বৰুৱা এগৰাকী  গুণী মানী নামজ্বলা ঠিকাদাৰ । তেওঁ সমাজৰ  চকুত লজ্জিত  হ'ল । মইমতালি  আৰু নিচা সেৱনত  ৰোহনৰ  শৰীৰ লাহে লাহে অৱনতি ঘটিল । পিতৃ মাতৃ দুয়োগৰাকী একেমুখে  কৈ উঠিল, আমি দুয়ো এসময়ত  টকা ঘটাত ব্যস্ত থকাৰ ফল হয়তো  এতিয়া  ভুগিব লগা হল । আমি  লৰাক  সুপথেৰে অনাত ব্যৰ্থ হ'লো । দোষ আমাৰেই , ল'ৰাৰ নহয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)