ভাৰ-মৃদুস্মীতা ভাগৱতী

©Admin
0
মুঠিৰ বালিৰ দৰে
সময়ৰ ভৰত লাহে লাহে খহি পৰে সম্পৰ্কবোৰ•••
স্মৃতিৰ পাপৰি, হৈ পৰে একো খিলা
শুকান পাত ।
সোঁ‌ৱৰণীয়ে ফাগুন হৈ কঢ়িয়াই
আবেগ বিহীন ধূসৰ বালি ,
চতিয়াই যায় চুব নোৱাৰা এটি পুৰণি গোন্ধ
মই বান্ধি ৰাখিব বিচাৰো 
নিগাজিকৈ ।
আচলত বন্ধাৰ আগতেই খহি পৰে 
এটা এটা কৈ ••••
সম্পৰ্ক নে সময় ভাৰী হ'ল,
বুজিব পৰাৰ আগতেই লগন উকলি গ’ল...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)