মর্য্যদা(খণ্ড নং-৩)~বীণা বৰুৱা

প্রণয়ৰ মন বহুত বেয়া।তাৰ যে এই ৰঙীন পৃথিৱী খনৰ প্ৰতি মায়া মোহ নোহোৱা হৈ গৈছে।বুকুত একুৰা নেদেখা জুই ।সি কেনেকৈনো সহ্য কৰে মানসী আনৰ হোৱাটো?আজিলৈকে চাকৰি এটা গোটাব নোৱাৰিলে।তাইক ভাল পায় তাইক বিয়া কৰাব বুলিনো কয় নো কোন সতে? মানসীৰ দেউতাকে বাৰু তাইৰ বিয়াৰ ক্ষেত্ৰত অলপ বেছিয়ে লৰা-লৰি কৰা নাই নে?আৰু এটা বছৰ সি পোৱা হ'লে? কিবা এটা সংস্থাপন যেনে তেনে যোগাৰ কৰি ল'লেহেঁতেন। এতিয়া সি উপায়হীন!আজি কেইবাটাও নিশা তাৰ টোপনি নাই! বিচনাৰ  গাৰুটো তাৰ উজাগৰি নিজম নিশাৰ চকুপানীৰ সাক্ষী বহন কৰি আছে।কথাবোৰ কাকো খুলি ক'ব নোৱাৰি সি শৰবিদ্ধ হৰিণৰ দৰে চটফটাই আছে।
    ফোনটো ৰিং হৈ থকা দেখি পকেটৰ পৰা মোবাইল টো উলিয়াই চালে মানসীৰ ফোন।
সি লৰা-লৰিকৈ ফোনটো ৰিচিভ কৰিলে।
প্ৰণয়--অ' মানু কোৱা?
মানসী---ক'ত আছা?
প্ৰণয়----আছো ।কোৱাচোন!
মানসী----তোমাক লগ কৰিব বিচাৰো এবাৰ!
প্ৰণয়---- এতিয়া?বিয়ালৈ আৰু মাত্ৰ পঁচিশ দিন  আছে! মনত আছে নহয়?
মানসী---- এই,  নজ্বলবা দেই কৈছো!বিয়া নহয় সেয়া মোৰ মৃত্যুৰ শ্ৰাদ্ধ হ'ব! বুজিলা?
প্ৰণয়----উফ:মানু! এনে কথা নক'বাচোন!
কোৱা কিয় লগ পাব বিচাৰা আৰু ক'ত?
মানসী----কিয় লগ পাব বিচাৰিছো লগ পালে ক'ম।আৰু শুনা মই কলেজৰ বান্ধৱীক বিয়ালৈ নিমন্ত্ৰণ দিম বুলি ওলাই যাম দিনৰ এঘাৰমান বজাত।
প্ৰণয়----আৰু কোনোবাই গম পালে কি হ'ব??
মানসী--- অহাৰ ইচ্ছা আছে নে নাই তোমাৰ হা?
প্ৰণয়----অ'গোসানী আছে অ'! পিছে.....
মানসী-----এ হ'ব!থোৱা।
       ফোনটো কাটি দিলে।প্ৰণয়ে আৰু একো ক'বই নেপালে। ক'ত লগ কৰিব খুজিলে নকলেই নহয়!এই পাগলীজনী যে আৰু! ইমান খং!নাকৰ আগটোতেই লাগি থাকে খংটো। বিয়ালৈ আৰু মাত্ৰ পঁচিশ দিন আছে তাইক লগ কৰিব জানো সি? লগ কৰিলেও দিগদাৰ নকৰিলেও দিগদাৰ।সিওঁ তাইক ভাল পায়।সংস্থাপন এটা নোহোৱাকৈ সি নো কৰে কি? বৰ্তমান সি সাহস কৰিব নোৱাৰে তাইৰ দায়িত্ব লব।তাৰ নিজৰেই কোনো ঠিক নাই আৰু এটাৰ
দায়িত্ব লব খোজাতো জানি শুনি জুইত হাত সোমাই দিয়া একে কথা।আৰু এতিয়া এনেদৰে লগ কৰা দৰা ঘৰৰ মানুহে গম পালে কথাটো বেয়া হ'ব।তাইক সি নাপালেও তাইৰ অনিষ্ট হোৱাটো সি নিবিচাৰে।তাই য'তে থাকে সুখত থাকক।সি সেইটোই কামনা কৰে।সি যে তাইক ভাল পায় সঁচা হৃদয়েৰে।তথাপি হৃদয়খন জ্বলিব তাৰ।কেনেকৈনো সহ্য কৰ সি তাই আনৰ হোৱাটো? আৰু হয়তো তায়ো কিবা ভাবিছে
সেয়ে শেষ বাৰৰ বাবে তাক লগ কৰিব বিচাৰিছে।তাই বাৰু সুখী হ'বনে বিয়াৰ পিছত? তাক বাৰু একেবাৰে পাহৰি যাব নেকি? এইবোৰ ভাবি ভাবিয়েই সি আহি লুইত ৰেষ্টুৰেন্টতত উপস্থিত হ'ল। তাই ক'ত লগ কৰিব তাই নকলেও সি জানে। কাৰণ আগতে বহুদিন সিঁহত দুয়ো তাত লগ হৈছে।লুইত ৰেষ্টুৰেন্টখনৰ মালিকৰ ল'ৰা পিকু  প্ৰণয়ৰ বন্ধু।চাকৰি বাকৰিত মাথা নামাৰি দেউতাকে চলোৱা ৰেষ্টুৰেন্টখনকে পিকুয়ে কিছু আধুনিকতাৰ পৰশ বোলাইছে।গ্ৰাহকৰ সুবিধা অনুযায়ী কিছু প্ৰাইভেচিৰো ব্যৱস্থা ৰাখিছে।কলেজৰ বেচিভাগ ল'ৰা ছোৱালী তালৈ ডেটিংত আহে।
       বহু ভাবি চিন্তি প্ৰণয়ে ৰেষ্টুৰেন্টতত লগ
কৰিব গ'ল।এঘাৰ বাজিবলৈ দহ মিনিট থকাৰ  আগত।পিকুক বহুদিন লগ পোৱা নাই।অলপ তাৰ লগতো কথা পাতিব।পিকুই তাৰ আৰু মানসীৰ কথা জানে।সেয়ে সিঁহত লগ কৰিব আহিলে বিশেষ কবিন এটা দিয়ে।ভাল বেয়া কথা পাতি থাকোতেই পিকুই মানসীৰ খবৰ ল'লে।প্ৰণয়ে দুখ মনেৰে সকলো কথা ক'লে।পিকুৰো বেয়া লাগিল কথাবোৰ শুনি।
      ৰেষ্টুৰেন্টত সোমাইয়ে এবাৰ ইফালে সিফালে চাই মানসীয়ে ফোনটো লগালে।
প্ৰণয়----হেল্লো!আহিছা নে তুমি?
মানসী---উম! তুমি আহিছানে? 
প্ৰণয়--- আহিছো মই পিকুৰ লগত কথা পাতি আছো।গৈ আছো ।তুমি তিনি নম্বৰ কেবিনত বহাগৈচোন।
মানসী---পলম নকৰিবা কিন্তু!
প্ৰণয়---নাই নাই! এই গৈছোই।
    মানসীয়ে তিনিনম্বৰ কেবিনলৈ সোমাই আহি টেবুলত বেগটো থৈ বহিছিলহে প্ৰণয়ে ওঁঠত এটা জলন্ত চিগাৰেট লৈ ধোৱাবোৰ এটা বিশেষ ভংগীমাত ওপৰলৈ উৰুৱাই কেবিনৰ ভিতৰলৈ সোমাই আহি মানসীলৈ তাই ভালপোৱা কেডবেৰিজ দুটা তাইলৈ আগবঢ়াই দিলে।
মানসীয়ে চকলেট দুটা হাত পাতি লৈ তাৰ ফালে ঘোপাকৈ চাই কলে...
মানসী----আকৌ চিগাৰেটত ধৰিছা?পেলাবানে চিগাৰেট?
প্ৰণয়----পইচাৰে কিনি আনিছো পেলাবৰ বাবে নেকি?বুলি চকীখন টানি আনি বহি ল'লে।
মানসী---তুমি জানা ন?মই বেয়া পাওঁ চিগাৰেট খালে?
প্ৰণয়----আৰু পঁচিশদিন পিছত তুমি আনৰ হ'বা ? তেতিয়া মোক কোনে এনেদৰে শাসন কৰিব?মোৰ জীৱন মোৰ কথা বুলি পুনৰ চিগাৰেটৰ ধোৱাবোৰ কুণ্ডলী পকাই উপৰলৈ উৰুৱাই দিলে।
মানসী---খঙতে উচপিচাই উঠি ক'লে তুমি পেলাবানে চিগাৰেট? বুলি টান মাৰি আনি খঙতে ছেণ্ডেলেৰে মোহাৰি পেলালে।আৰু প্ৰণয়ক চকীৰ পৰা উঠাই জোৰত সাৱটি ধৰি ফেঁকুৰি উঠিল।
মানসী----মই নোৱাৰো প্ৰণয় দা। মই আনৰ হ'ব নোৱাৰো!plz তুমি কিবা এটা কৰা না plz! নহ'লে মই মৰি থাকিম।

(আগলৈ)

Post a Comment

Previous Post Next Post