এৰি অহা সুতি খণ্ড নং --- ৪

©Admin
0
মোৰ গাত ভূত লম্ভি আছে বুলি চিকিয়ে  সেই মানুহ  জনক মাতি আনিছিল। মোৰ ৰুমতো ঘূৰি ঘূৰি ভগৱান শ্ৰীকৃষ্ণৰ মহামন্ত্ৰ গাইছিল।
মোৰ কাষতে থকা চকীখনত বহি লৈ মানুহ জনে মোক মায়া-মোহ পাঁহৰি একান্ত মনে ভগৱানৰ কথা ভাবিবলৈ উপদেশ দিছিল।

সেই জ্ঞানী মানুহ জনে মোক  মায়া মোহ কি এটা কাহিনী বৰ্ণনা কৰি শুনাইছিল।
 এদিন ভগৱান কৃষ্ণক নাৰদে সুধিলে ,প্ৰভূ জগতখন আপোনাৰ মায়াতেই চলিছে। মোক মায়াৰ অৰ্থ বুজায়  দিয়ক। ভগৱান কৃষ্ণই হাঁহি মাৰি ক''লে ,নাৰদ তুমি বৈৰাগী।মায়া বিষয়ে জানি কি কৰিবা। নাৰদে নামানে ক'লে, প্ৰভূ মই জানিব বিচাৰোঁ। ভগৱান কৃষ্ণই হাঁহি মাৰি ক'লে , নাৰদ ব'লা অলপ ফুঁৰি আহোঁ।                                    

দুয়ো এখন মৰুভূমি মাজেৰে পাৰ হৈ গৈ আছে। ভগৱান কৃষ্ণই পৰি থকা শিল এচতাৰ ওপৰত বহিল।নাৰদলৈ চাই ক'লে , নাৰদ মোৰ বৰ পিয়াঁহ লাগিছে। তুমি মোৰ বাবে অলপ পানী বিচাৰি আনা। নাৰদে চাৰিওফালে চাই এটা জুপুৰি দেখি আগবাঢ়ি গ'ল।জুপুৰিটো‌ পৰা এগৰাকী সুন্দৰী তিৰোতা উলাই আহিল ।আৰু নাৰদৰ পৰিচয় সুধিলে,নাৰদে নিজৰ পৰিচয় দি ভগৱান কৃষ্ণৰ বাবে অলপ পানী বিচাৰিলে। তিৰোতা গৰাকীয়ে ক'লে,তেওঁ এটা ইচ্ছা আছে। নাৰদে ক'লে যি ইচ্ছা আছে সোনকালেই কোৱা। প্ৰভূ পিয়াঁহত আতুৰ হৈ আছে। অলপ পানী ভৰাই দিয়া। তিৰোতা গৰাকীয়ে ক'লে মোক আপুনি বিয়া পাতিব লাগিব।

নাৰদ কথাত বন্দী হৈ পৰিল।  ভগৱান কৃষ্ণৰ কথা পাঁহৰি গ'ল। তিৰোতা গৰাকী লগত ঘৰ সংসাৰ আৰম্ভ কৰিলে। লৰা ছোৱালী হ'ল। এদিন বানপানী আহিল। পানীয়ে এফালে পত্নী এফালে সন্তান উটাই লৈ গ'ল। নাৰদে হাঁহাকাৰ কৰি উঠিল। কেনেকৈ পৰিয়ালটো বচাব পাৰি। সকলো উটি গ'ল।নাৰদক পানীয়ে ঠেঁলি আনি ভগৱান কৃষ্ণৰ ওচৰত পোৱালেহি। ভগৱান কৃষ্ণই হাঁহি মাৰি ক'লে, নাৰদ তুমি মায়া কি বুজি পালা। নাৰদে চকুলোঁ বোৱাই ভগৱান কৃষ্ণৰ চৰণত সেৱা কৰিলে।এইয়াই মায়া আমি বাস্তৱ জীৱনত মায়া পাছত দৌৰিছোঁ। আপোনজনক হেঁৰুৱা বেদনাত কান্দিছোঁ।মৰমত হাঁহিছো।দুখ সুখৰ স্মৃতি সাৱতি জীৱন নিৰ্বাহ কৰিছোঁ। এইয়াই মায়া।

ইমান সুন্দৰকৈ কোৱা কাহিনীটো শুনি শুনি মই টোপনি গ'লোঁ।সাৰপাই মোৰ মনিলৈ মনত পৰিল।মনিৰ ৰূপত মই পাগল।বিধবা মনিক মই ৰাতি ফোন কৰি ৰোমাণ্টিক কৰি তুলো।টং টংকৈ ৱাল ঘড়ীটো বাজি উঠিল। মই ফোনটো খেপিয়াই চালোঁ।মোৰ গাৰুটো তলতে থোৱা ফোন দুটা ক'ত যাব পাৰে।হাতখন মেলি ফোনটো পাই ,মনিলৈ ফোন কৰিলোঁ। হেল্ল' তাই কোমল মাত মোৰ কাণত বাজি উঠিল।মই যাম নেকি?মনিয়ে লাহেকৈ ক'লে -আহঁক।মই বৰ ৰোমাণ্টিক হৈ পৰিলোঁ।ফোন কৰি কৰি মই হাঁহিবলৈ ধৰিলোঁ। দুৱাৰখন খুলি ঘৈনী সোমাই আহিল।

ঔষধৰ বটলটো কাণত লৈ কি বকি আছ।মনে মনে শুই থাক।শান্তি নাই।খঙতে মোৰ হাতৰ পৰা ঔষধৰ বটলটো কাঢ়ি দলিয়াই পেলাই দিলে।মই মনিৰ লগত কথা পাতিবলৈ নোপোৱাৰ আক্ষেপত কান্দিবলৈ ধৰিলোঁ। 

আগলৈ,,,,,,,,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)