হৃদয়ৰ মাজত অলেখ নাম
দিব যে নোৱাৰো অনুভৱী
এটি কবিতাৰ শিৰোনাম ।
মৰহি যোৱা সৌ কৃষ্ণচূড়া
আজিও অপেক্ষা মাথোঁ বসন্তলৈ ,
তেতিয়াই দিব ন ৰং।
মইও যে আজি অপেক্ষা
এটি কবিতাৰ শিৰোনামলৈ
পাৰিম জানো দিব এটি শিৰোনাম?
বিশ্বৰ সকলো ক্ষনিকতে বিচাৰিম ,
এদিনৰ বাবে হয়তো
এটি কবিতাৰ শিৰোনাম বিচাৰি
মাথোঁ আছোঁ ৰৈ তোমাৰ পদূলিত
এটি শিৰোনাম বিচাৰি ।।