ৰ'দৰ ফুল

Rinku Rajowar
0
"অমুকীয়ে গা তিয়ালেই , অমুকী পাকঘৰত সোমালেই" - কামে জুমুৰি দি ধৰা গাঁৱৰ ঘৰখনত বোলে ৰাতিপুৱা আইতাৰ মুখত প্ৰায় এইষাৰ কথা থাকেই । অথচ সময়মতে শোৱাপাটী এৰিব নোৱাৰি ন বজাৰ ক্লাছটোলৈ বুলি আমাৰ যে কত লৰা-লৰি । সকলোৱে স্বয়ংক্ৰিয়ভাৱেই চলাই নিয়ে নিজস্ব একোখন কৰ্মসূচী । তাৰ মাজতো 'মানুহে মানুহৰ বাবে' উক্তিক সাৰোগত কৰি বছৰৰ অন্তিমটো দিন অনাথ কিম্বা অসহায় লোকসকলৰ বাবে উচৰ্গা কৰিব পৰা এদল মানুহ দেখিলে সু-দিনৰ আশা জাগে ; প্ৰকৃতাৰ্থত 'মানুহ' হোৱাৰ কচৰৎ কৰা নৱপ্ৰজন্মৰ একাংশ সচেতন প্ৰতিনিধিৰো উদ্যম বাঢ়ে । আনহাতে , এদিনৰ বাবে হ'লেও ফাষ্ট ফুডৰ দোকানৰ কাষৰ জুমটোৰ পৰা আঁতৰি দুমহলৰ ওপৰৰ শ্ৰেণীকোঠাৰ পৰা নামি মহাবিদ্যালয়ৰ মুকলি ঠাইকণত সহপাঠীকেইজনীয়ে সিদিনা ৰ'দ পুঁৱাই জলফাই , বগৰীৰ জুতি লোৱা দেখি মনটোৱে কিৰীলিয়াই উঠিছিল । কৈশোৰৰ ভৰপকত ভৰি দিলোঁ বুলিয়েই হেৰুৱালো জানো শৈশৱ ? প্ৰত্যেকেই শিশুসূলভ মনটোক নিচুকাই থাকোঁ যে প্ৰতিনিয়ত ।
            কালিৰাম মেধিয়ে 'গৌৰৱ'‌ শীৰ্ষক প্ৰবন্ধটিত লিখিছিল - "...মগনীয়াৰ খুদ-চাউলৰ মোনাও গৌৰৱৰ কাৰণ । ৰাণীৰ অলংকাৰ যেনে গৌৰৱৰ কাৰণ , বান্দীৰ বাঢ়নীটাৰো তেনে গৌৰৱৰ কাৰণ । সকলো মানুহে সকলো অৱস্থাতে গৌৰৱ কৰিবৰ কাৰণ বিচাৰি পায় ।" একেদৰে গৌৰৱৰ নিজস্ব সমলৰ ওপৰত আশ্বাস ৰাখিয়েই ন আশাৰে খোজ দিয়াৰ পণ এয়া । লগতে , মানসিক উৎকৰ্ষ সাধনৰ পবিত্ৰ জলেৰে স্নান কৰি জীৱনক ন দৃষ্টিৰে চোৱাৰ সুৱৰ্ণ সুযোগ সময়ে দিয়া । ২০২২ বৰ্ষৰ প্ৰতিটো দিনত উদ্ভাসিত দিবাকৰে ইতিবাচক বাৰ্তা কঢ়িয়াই অনাৰ কামনাৰে আমাৰ মুখেৰেও যেন স্বতঃস্ফূৰ্তভাৱেই নিগৰিছে "ফুল ফুলক ৰ'দৰে ফুল" ।


✍🏻হিমাশ্ৰী বৰা , তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)