তুলাচনী

0
এফালে ভোকৰ জোখৰ দগা ,
আনফালে শিল মিহলি কেইটিমান চাউল 
দুলি আছে তুলাচনীৰ কাঁটা ।

আইৰ জুহালৰ উতলা পানীত সিজিবনে আজি
ভোক দূৰ কৰা জোখৰ কেইটিমান বগা চাউল !
সন্ধিয়া হ'লে ,
প্ৰতিযোৰ চকু থৰ হয় তুলাচনীত
কাঁটাডাল আছেনে সোঁমাজত ?

জেপ উদং কৰাৰ কচৰৎত
চলিছে জীৱন ,চলিব জীৱন...

তোমাৰ আৱেদনময়ী যৌৱনৰ ভৰ
মোৰ নিৰ্ভেজাল প্ৰেমৰ দগাৰে জুখিব পৰা হ'লে
ময়ো উদযাপন কৰিব পাৰিলোঁহেঁতেন
তোমাক পোৱাৰ বিজয় উল্লাস
অগ্নিক সাক্ষী কৰি ,হোমৰ গুৰিত ।

এফালে দগা ,আনফালে শূন্যতা
দাং খাই আছে তুলাচনীৰ এটা ফাল
ব্যস্ত পথৰ দাঁতি ,নিয়ৰৰ পোহৰ
এখন হৃদয়ৰ অপেক্ষাত
ফেৰাৰী কিম্বা লেম্বাৰঘিনিত বহা আভিজাত্যৰ দুলালৰ
ঠিক সেই অকলশৰীয়া হৃদয়খনৰ দৰে !

ৰেচনৰ জোখত ন্যায় দিয়া তুলাচনীৰ কাঁটাডালে
কেতিয়াবা ন্যায়ালয়ত বেইমানী কৰে ,
খমখমীয়া নোটত দুলি থাকে
নিলাম হয় সম-অধিকাৰ
ছটফটাই থাকে ন্যায়
সত্য বন্দী হয় ক'লা কোটৰ পকেটত
সুবিধা হয় এদল সুবিধাবাদীৰ
কাঢ়ি ল'বলৈ ,
কাৰোবাৰ ভোক ,কাৰোবাৰ আত্মা
কাৰোবাৰ ইচ্ছা ,কাৰোবাৰ স্বপ্ন
কাৰোবাৰ প্ৰেম ,কাৰোবাৰ ভালপোৱা
আনকি ইচ্ছা কৰিলেই
সলনি কৰি দিব পাৰে তেজৰ বৰণ কিম্বা হৰণ কৰিব পাৰে কুমাৰী নাৰীৰ কুমাৰীত্ব । 
 
এফালে দগা
আনফালে মৰম
হৃদয়েৰে হৃদয়ক 
জুখিব পৰা হ'লে তুলাচনীত
তুমিও বুজিব পাৰিলাহেঁতেন
তোমাক পোৱাৰ মোৰ কিমান যে হেঁপাহ !!

                 
✍🏻ধীৰাজ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)