কলেজৰ পৰীক্ষা চলি আছে। পৰীক্ষা ডিউটিৰ সেই তিনিঘণ্টা সময় সাধাৰণতে বৰ নাযায় নুপুৱাই যেন হয়। মই বেছিভাগ সময়ত কি কৰোঁ - পৰীক্ষাৰ্থীবোৰৰ মাজে মাজে টহল্ দি দি ল'ৰা-ছোৱালীবোৰৰ মুখবোৰ পঢ়িবলৈ যত্ন কৰোঁ। সময়বোৰ কাটি যায় তেনেকৈয়ে...
নতুনকৈ অহা ফাৰ্ষ্ট্ চেমিষ্টাৰৰ ইংৰাজী মেজৰৰ ছোৱালীজনী.. কি যে চিৰিয়াছ্ হৈ তলমূৰ কৰি কলম চলায়! কাষত ৰৈ চকু ফুৰাই চাওঁ লিখি থকা পৃষ্ঠাটো। গোট গোট আখৰবোৰ- পৰিষ্কাৰ। ছোৱালীজনীৰ চকু-মুখত বিয়পি থাকে এক মোহনীয় দৃঢ়তা। মৰম লাগি যায়। মনলৈ এনেয়ে ভাব এটা আহে- অনাগত সময়ে তাইৰ সেই দৃঢ়তা অটুট ৰাখিব পৰাকৈ সুচল জীৱন পথ এটা দিবনে! ভাল হওক তাইৰ- মনে মনে ভাবোঁ।
ই নো কি লিখিছে বাৰু! পুলুং পালাং কৰি থকাহে দেখি আছোঁ। একোবাৰ কলম কামুৰি প্ৰশ্নকাকতখন চাই থকা চকুত পৰে। আকৌ একোবাৰ খিৰিকীৰে বাহিৰলৈ চাই থকা দেখোঁ। প্ৰশ্নৰ উত্তৰ মনত পেলায় নে বাহিৰৰ প্ৰকৃতিৰ শোভাত আত্মহাৰা হয় বা! কেইবাবাৰো চকুৱে চকুৱে পৰে। -"ঠিকে আছেনে পেপাৰ?" - পৃথিৱীৰ কোনো কথাৰ প্ৰতিয়ে যেন বিশেষ আগ্ৰহ নাই তেনে এটা ভাবালেশ চকুৱে মুখে বাগৰি ফুৰা ফৰ্থ চেমিষ্টাৰৰ মিঠা বৰণীয়া শীৰ্ণকায় ল'ৰাটোৱে জান-নেজান হাঁহি এটা ওঁঠত ফুটাই কয়-" টাফ্ কুৱেশ্যন আহিছে ম্যাম।" নপঢ়িলেতো টাফ্ হ'বই - বুলি কৈ ময়ো ইষৎ হাঁহি এটা মাৰি আঁতৰি যাওঁ। মনতে ভাবোঁ- টাফ্ বুলি প্ৰশ্নৰ উত্তৰ নিলিখাকৈ বহি থাকিব পাৰিছা বোপাইটো। সময়ে মুখামুখি কৰোৱা টাফ্ চিটুৱেশনবোৰত পিছে বহি থাকিবলৈ জীৱনে অনুমতি দিব জানো!
"ম্যাম, এক্সট্ৰা পেজ্ লাগে" - পিছফালৰ পৰা গলগলীয়া মাত এটা ভাহি আহে। ঘূৰি চাওঁ - ধৰিব নোৱাৰোঁ; কোনে বা মাতিছিল! এক্সট্ৰা শ্বিট্ এটাত চহী কৰি লৈ সুধোঁ- "কাক লাগিছিল বাৰু এক্সট্ৰা শ্বিট্ ?" ফৰ্থ চেমেষ্টাৰৰ ইকনমিক্স্ মেজৰৰ এজাপ চুলিৰে আটিল দেহাবয়বৰ ল'ৰাটো থিয় হৈ ব্যস্ততাৰে কয়- "মোক ম্যাম। " তাক দেখি ভাব হয় যেন এটা মাইক্ৰ'ছেকেণ্ডো তাৰ বাবে এতিয়া মহা মূল্যবান। কোনে জানো কৈছিল এদিন- "ল'ৰাটোৰ দেউতাক এক্সিডেন্টত ঢুকাল। এতিয়া ঘৰত মাক আৰু সি ।" গহীন- গম্ভীৰ, বাধ্য যেন লগা স্বভাৱৰ ল'ৰাটো আমাৰ প্ৰায়বিলাক শিক্ষকৰে চকুত পৰিছিল। মোৰ ক্লাছতো মন কৰোঁ ল'ৰাটো বৰ এটেনটিভ্। ল'ৰাটোৰ হাৱ-ভাৱ দেখি এনে লাগে যেন জীৱনে কম বয়সতে তাক বহু কিবা শিকাইছে। তাৰ অচঞ্চল চকুযুৰিলৈ চাই বুকুৰ কোনোবাখিনি গধুৰ হৈ পৰে। অকলশৰীয়া মাকগৰাকীয়ে চাগৈ কিমান বা প্ৰতিকূলতাৰ মাজেৰে তাক আথেবেথে ডাঙৰ কৰিছে!
এবাৰ একে বেঞ্চত বহাটোৰ বহীখন আন একোবাৰ পিছৰ বেঞ্চৰটোৰ বহীখন চাই কিবা কিবি লিখি থকা সেই সিহঁতকেইটা পঢ়াত একেবাৰেই চিৰিয়াছ নহয় যদিও এনেয়ে কিন্তু বেয়া পাবও নোৱাৰি। দুটামানৰ কাণত গজাল একোটাৰ দৰে কাণফুলি একোপাট। কেতিয়াবা দাবী-ধমকি এটা দিলেও পিছ মুহূৰ্ততে ম্যাম ম্যাম বুলি এনেকুৱাকৈ কিবা এষাৰ ক'বহি যে খঙৰ সলনি কিবা এক দৰদহে জাগে মনত। ইমান নিষ্পাপ মনবোৰ সময়ে জানো সদায়ে এনেকুৱা হৈ থাকিবলৈ দিব! ..মনতে ভাবোঁ।
চটফটীয়া ছোৱালীজনী ছিক্সথ্ চেমিষ্টাৰৰ। হাইলাইট্ কৰা সুন্দৰ চুলিকোছা। আকৰ্ষণীয় চকু মুখ।চটফটাই ফুৰোঁতে হঠাৎ মুখামুখি হ'লে "গুড্ মৰ্নিং ম্যাম" বুলি ডাঙৰ চকুযুৰি আৰু অলপ বহলকৈ মেলি যিটোহে বাধ্য ছাত্ৰীৰ ভাও দিয়ে মোৰ ওলাই আহিব খোজা হাঁহিটো সামৰি মিচিকিয়াই ময়ো গুড্ মৰ্নিং বুলি ক'বলৈ বাধ্য হৈ পৰোঁ। পিছ মুহূৰ্ততে সপ্ৰতিভ হৈ অকুণ্ঠিভাবে কৈ উঠে -" ম্যাম আপোনাৰ শাৰীখন ইমান ধুনীয়া! বৰ ধুনীয়া লাগিছে আপোনাক।" --"ইম্মান বেছি উৎপতিয়া" বুলি বদনাম থকা ছোৱালীজনীলৈ মৰম লাগি যায়- যেতিয়া দেখোঁ পৰীক্ষা হলত একান্ত মনেৰে মূৰটো হাউলাই প্ৰশ্নোত্তৰ লিখি আছে...। তাইলৈ চাই চাই ভাবি থাকোঁ-জীৱনৰ জটিলতাই তাইক কেতিয়াও স্পৰ্শ নকৰক। এনেকুৱাই হৈ ৰওক তাই .. সদাউন্মুখ.. মুকলিমুৰীয়া ...।
..এনেকৈয়ে... ফাইনেল বেল মাৰে। মোৰ বাৰে-বিংকৰা চিন্তাত যতি পৰে। আৰম্ভ হয় ঘৰলৈ বুলি ল'ৰা-ধপৰা.. অন্য জীৱন... দৈনন্দিন পৰিক্ৰমা.. ।।
✍️ জিমণি গগৈ
ডিমৌ,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ