কেইটামান জানিবলগীয়া কথা

Rinku Rajowar
0
1. এজন কয়দীৰ কথা । 27 বছৰ জেলত থকাৰ পিছত তেওঁ শান্তিৰ নোবেল বটা লাভ কৰিছিল 
তেখেত হল - নেলছন মেন্ডেলা । 

2. মধ্যবিত্ত পৰিয়ালত জন্ম এজন যুৱক । হাভাৰ্ড বিশ্ববিদ্যালয়ৰ আটাইতকৈ মেধাৱী ছাত্ৰ । কিন্তু কম্পিউটাৰ চফ্টৱেৰ তৈয়াৰ কৰাৰ অদম্য নিচাত হাভাৰ্ড বিশ্ববিদ্যালয় ত্যাগ কৰিছিল । 32 বছৰ পিছত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অধিৱেশনৰ তেখেত আছিল মুখ্য বক্তা । 
তেখেতৰ নাম - বিল গেটচ । 

3. আন এজন লৰাৰ কথা । বাৰ বছৰ বয়সত ঘৰৰ পৰা পলাই গৈছিল । 13 বছৰ বয়সত জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ চেষ্টা চলাইছিল । জীৱনত কোনোদিন বিশ্ববিদ্যালয় গৰকি নাপালে । কিন্তু লিখি উলিয়াইছিল বিখ্যাত গ্ৰন্থ  - My  Universities .
 তেওঁৰ নাম - মেক্সিম গৰ্কি । 

4. অভাৱৰ তাড়নাত কুলিৰ কাম কৰিছিল । এবাৰ বাছৰ কন্ডাক্টৰৰ কাম কৰি থাকোতে মালিকে গতিয়াই বাহিৰ কৰি  দিছিল । কাৰণ লৰাজন অংকত একেবাৰে কেচা আছিল । সেইজনেই আছিল পৰৱৰ্তী সময়ৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী - জন মেজৰ । 

5. আন এজন লৰাৰ কথা । মাক বাপেক ইমানেই দুখীয়া আছিল যে জন্মৰ পিছত নাম পঞ্জীয়ন কৰোতেই দুদিন দেৰি কৰিছিল । সেইজনেই এতিয়াৰ ফুটবল কিংবদন্তী - ৰোণাল্ডো । 

6. বাপেক আছিল মাছুৱৈ । পুতেকক সদায় মাছ মাৰিব যাওঁতে লগত লৈ গৈছিল । কাৰণ পুতেকে পানীৰ মাজেৰেও মাছবোৰক অতি সুন্দৰভাৱে দেখা পাইছিল । সেইজন হল ক্ৰিকেট চুপাৰষ্টাৰ - সনথ জয়সুৰিয়া । 

7. পঢ়াশুনাত অতিশয় দুৰ্বল আছিল । শ্ৰেণীত একেবাৰে শেষৰ বেঞ্চত  বহি থাকিছিল । কেইদিনমান কেৰাণীৰ চাকৰিও কৰিছিল । এতিয়া তেওঁৰ বিষয়ে পৃথিৱীৰ কোনে নাজানে - তেওঁৰ নাম এলবাৰ্ট আইনষ্টাইন । 

8. পৰীক্ষাত সকলো সময়তে ফেল । কিন্তু জীৱনকালত মুঠ বাইছটা একাডেমী পুৰস্কাৰ লাভ কৰিছিল । মিকি মাউছ , ডনাল্ড ডাক আদি জনপ্ৰিয় কাৰ্টুনৰ জন্মদাতা । তেওঁৰ নাম - ৱাল্ট ডিজনী । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)