দুচকুৰ নয়ন তৰা,
ফুলৰ সুবাসেৰ ভৰা
অন্তৰক শীতল কৰি পেলোৱা,
দাম্পত্য জীৱনৰ
সৰ্বোচ্চ সপোন,
বিধাতাৰ সৃষ্টিৰ শ্ৰেষ্ঠত্ব দান
মানৱ সন্তান চোৱা!
ল'ৰালিৰ মাত কুলিতকৈও সুৱলা
এটি মিঠা মাতে,
সকলো দুখ
পাহৰি যোৱা।
পিতৃ-মাতৃৰ সুখৰ সংসাৰ চোৱা..
মা মা মাতে
মাৰ বুকু,
শীতল কৰা।
দেউতাৰ
ৰঙীণ মুখখনিলৈ চোৱা...
শৰীৰৰ ঘাম মাটিত পেলোৱা,
হাঁহি বিৰিঙাই
বাবা মাতেৰে.
জীৱনৰ সৰ্বস্ব হেৰুৱাই
নিজক বিলীন কৰা
ব্যক্তিয়েই পিতাই!
কিয় পাহৰি যোৱা?
সফলতাৰ জখলাত
পিতৃ-মাতৃৰ সুখৰ হাঁহি,
যদিহে গঢ়িছে
সততাৰ ঘড়ী।
সৎ আদৰ্শৰে
অনুপ্ৰাণিত সন্তান,
বৃদ্ধ জনক কৰে সন্মান
নিজ ঘৰতেই সাজে সৰগৰ স্থান।
অসৎ পথেৰে গঢ়া সন্তান
দুখৰ বতৰা আনে,
এমুঠি অন্ন দিবলৈ
টান পোৱা জনো
বাৰ্দ্ধক্যক এৰিব নোৱাৰে।
আজিৰ যুৱক
অহাকালিৰ বৃদ্ধ!
বহুতেই পাহৰি
বৃদ্ধাশ্ৰম বিচাৰি যোৱা!
অশেষ ধন্যবাদ,
ReplyDeleteপ্ৰকাশ কৰাৰ বাবে