নাৰী তুমি | ক্ষীৰোদ মণি মহন

©Admin
0
সৃষ্টিকৰ্তাৰ অনুপম
সৃষ্টি নাৰী..
নাৰী,নাৰী তুমি যে 
অনন্যা,অনুপমা,অপৰূপা‌
তোমাৰ যে সেই সৌন্দৰ্য্য‌ই…
এক সুন্দৰ পৰিৱেশৰ 
সৃষ্টি কৰে।
সকলো তোমাৰ ওপৰতেই বিৰাজমান!
নাৰী তুমিয়েইটো
কোনো "এন্টনি"ৰ দৰে
নাইবা
কাৰোবাৰ মৰমৰ মমতাজ..।
তুমিয়েইটো এই জননীৰ মাতৃ
তোমাৰ বাবেইটো 
আমি আজি এই পৃথিৱী
পালোঁ দেখি।
তুমিয়েইটো
লক্ষ্মীবাই, মূলা গাভৰু
কনকলতা।
তুমিয়েই নাৰী 
আজি
তথাপি আজি কিয় 
শ শ নাৰী  ধৰ্ষিতা?
শ শ নাৰী পতিতা
জাগা নাৰী জাগা..
তোমাৰ বাবেইটো আজি 
বাৰে বাৰে জন্ম হয়
শ শ বীৰুবালাৰ।
নাৰী তুমি যে ‌বহুৰূপী
মমতাময়ী,
জন্মদাত্ৰী হৈ যে
তুমি সন্তানক‌ দিয়া
পথৰ সন্ধান।
ভোকাক্ৰান্ত অৱস্থাত
তুমিয়েইটো দান কৰা 
আমাক অন্ন।
ৰোগাক্ৰান্ত অৱস্থাত তুমিয়েইটো কৰা আমাক পৰিচৰ্য্যা।
নাৰী তুমিয়েইটো 
প্ৰকৃতিৰ পুৰুষৰ
পত্নী।
তোমাৰ বাবেইটো
আমি মানুহ হ'বলৈ 
প্ৰেৰণা পাওঁ।
হে নাৰী, প্ৰণামো 
তোমাক।

                   
       
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)