সকলোৱে দেখাকৈ
ঢাকিব নোখোজোঁ
মোৰ মনৰ আনন্দবোৰ
মই কান্দিব বিচাৰোঁ
সকলোৱে দেখাকৈ
ঢাকি ৰাখিব নিবিচাৰোঁ
মোৰ মনৰ দুখবোৰ।
কাৰ বাবেনো মই......
জীয়াই আছোঁ!
আৰু মই
কাৰ বাবেনো থাকিম?
জীয়াই থাকিবলৈ হ'লেও টো
কাৰোবাৰ!
প্ৰেৰণা লাগিব।
কিন্তু!
মোক কোনে দিবহি প্ৰেৰণা?
নিজেই জানোঁ
এই প্ৰেৰণাৰ উৎসটো
নিবিচাৰিলে হ'ব??