অণুগল্প- পাপু শইকীয়া

Aditi Tanti
0
(১)আঠুৱা
     টাপলি মৰা কাপোৰেৰে ভৰি থকা ৰতনৰ বিচনাৰ আঠুৱাটোৱেই তাৰ মহৰ লগত কৰা যুদ্ধখনৰ একমাত্ৰ ঢাল, শোৱাৰ আগতে মাছ ধৰোঁতে নতুনকৈ ফটাডোখৰ চিলাই সি স্বস্তিৰ নিশ্বাস এৰে।


( ২)স্ফুৰ্তিপানী

সৰু ল'ৰাটোক কোচত লৈ বৰ দুখেৰে সহায়- ভিক্ষা মাগি ফুৰা মহিলা গৰাকীয়ে ৰেলগাড়ীৰ পৰা নামিয়েই ষ্টেচনৰ একাষে পইচা হিচাপ কৰাত লাগিল আৰু কনমানিটোৰ হাতত কেইটামান নোট গুজি দি মদৰ দোকানখনলৈ পঠাইছে এবটল সুৰাৰ বাবে।


(৩)অঙ্কুশ

      পলসত সোমাই উঠিবলৈ চেষ্টা কৰি থকা হাতীটোক মাউতজনে বেতেৰে কোবাই ভাগৰ লগাত অঙ্কুশডাল কাণ এখনত লগাই টানিছে।
              

         
                                            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)