হাবিখনত বহুত
এশিঙিয়া গড় আছিল।
এদিনাখন এটা বাঘে
এশিঙিয়া গড়টোৰ
শিঙটো কাটি নিলে।
গড়টোৱে বৰ কষ্ট পালে
দুধাৰী লোতক টুকিলে।
এনেতে বন্যপ্ৰাণীসকলে
এখন সভা পাতিলে।
দ'লপতিয়ে ঈশ্বৰক সেৱা জনালে
মনৰ বেজাৰৰ কথা ক'লে।
ঈশ্বৰ পৃথিৱীলৈ আহিল
অপৰাধীক শাস্তি বিহিলে।
ভয়তে মানুহে ভিতৰ সোমাল
গেটত ডাঙৰ তলা লগালে।