দুখীয়াক বিচাৰি নাপায়;
সুখৰ প্ৰেমত পৰি বলিয়া হোৱা মানৱে
তললৈ এবাৰো নাচায় ৷
অহংকাৰ কৰি ফুৰে টকাৰে শেতেলী সাজে
কিনি লয় সুখী জীৱন;
সিহঁতলৈ কেৰাহীকৈ চাই অঁকৰা হাঁহি মাৰে
এয়া যে মানৱতাৰ হনন ৷
সূৰুযৰ কঠিন ৰ’দত জীৱনটো যায় যায়
বাৰু এয়া কিহৰ পৰিণাম ?
মৃত্যুৰ লগত খেলে চকু মুখ পোৰে
শূন্য নে মানুহৰ দাম ??
ধুমুহা-শিলাবৃষ্টিক নেওচি মৰি-হজি কৰে কাম
এমুঠি ভাতেই জীৱন দেৱতা;
ঝাৰুদাৰে ঝাৰু মাৰে ধনাঢ্যই ফুলতা সাজে
এলেহুৱাই মহা মহা নেতা !
সুখ- সুখ বুলি তুমি নিৰলে জগতখন ঘূৰি
দুখকেই দেখিবলৈ পাবা;
নিষ্প্ৰভ পোহৰতো খাটি ৰাজ অট্টালিকা গঢ়ে
এয়াই তাৰ জীৱনী প্ৰতিভা ৷
এদলে আকাশত থাকি গায় আনন্দৰ গান
খোৱাটোৱেই সিহঁতৰ কাম ?
এনুৱা জীৱন বাৰু সকলোৰে নহয় আৰু
হয়নে শূন্য মনুষ্যৰ দাম ??
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ