মৰ্য্যদা(৭ম খণ্ড)~উপন্যাস- বীণা বৰুৱা

©Admin
0
সময় গতিশীল। প্ৰৱাহিত সময় কাৰো বাবেই নৰয়।সময়েই সময়ত পৰিৱৰ্তন আনে।আজি কিবা এটা ভাল লাগিলে কাইলৈ ভাল নালাগিবও পাৰে।সময়ৰ গতিশীলতাই মানুহৰ মনবোৰো পৰিৱৰ্তন কৰে।সময়ৰ লগত খোজ মিলাব জানিলে মানুহৰ জীৱন সংগ্ৰামত জীৱন জীয়াবলৈ সহজ হয়। 
      প্ৰণয় তাইৰ অতীত আছিল আৰু প্ৰাচুৰ্য্য তাইৰ বৰ্তমান।অতীতক লৈ কোনেও জীয়াই থাকিব নোৱাৰে।এই যে ভালপোৱা ভাল লগাবোৰ অজানিতেই হৈ যায়।মৰম কৰিম বুলিয়েই কাকো কৰিব নোৱাৰি, কাৰোবাক ভাল পাওঁ বুলিয়েই সহজে
কাকো ভাল পাব নোৱাৰি।কাক কেতিয়া কিয় ভাল লাগে হয়তো নিজৰ মনটোৱেও নাজানে।তাইৰ হয়তো মানসিকভাৱে প্ৰাচুৰ্য্যৰ ওচৰ চাপিবলৈ কিছুসময় লাগিল। কিন্তু যদি প্ৰাচুৰ্য্যই তাইক তাইৰ মনটোক গুৰুত্ব নিদি জোৰকৈ সম্পৰ্ক স্থাপন কৰিলেহেঁতেন তাইৰ মনে তাক কোনোদিনেই ভাল নাপালেহেঁতেন।মৰমৰ সলনি হয়তো ঘৃণাৰে তাইৰ মন উপচি পৰিলহেঁতেন।তাইৰ প্ৰাণ নথকা শৰীৰটোহে পালেহেঁতেন আৰু তেতিয়া সংসাৰখনৰ আৰম্ভনিতেই কেৰোণ এটা থাকিলহেঁতেন।সংসাৰখনত কোনো প্ৰাণ নাথাকিলহেঁতেন। কিন্তু প্ৰাচুৰ্য্যই তেনে একো নকৰি তাইলৈ অপেক্ষা কৰিলে।এনে এজন জীৱনসঙ্গী পোৱাটো তাইৰেই সৌভাগ্য। বৰ্তমানক লৈয়ে জীৱনটো। প্ৰাচুৰ্য্যৰ কথা ভাবি তাইৰ মন ভৰি গ'ল।ভাল লাগি গ'ল।ওঁঠৰ ফাঁকেৰে মিচিকিয়া হাঁহি এটা বাগৰি গ'ল।অহাকালি তাই প্ৰাচুৰ্য্যৰ বাবে এটা surprise party ৰাখিব দুয়োৰে মাজত।ইমান সৎ মানুহজনক আৰু কষ্ট নিদিয়ে।আজি নিশাটো ভালে ভালে পাৰ হ'লেই হ'ল।তাইৰ দুচকুৰে পানী বাগৰি আহিল। কেতিয়াবা আপোনজনৰ বাবে এনেদৰে কান্দিওচোন সুখানুভৱ হয়।ভাল লাগে।         
         তাই আজিকালি কবিতা লিখিব বাদ দি দিছে। কিন্তু গান তাইৰ প্ৰাণ।তাই গান শুনেও আৰু গাইয়ো।গান নুশুনিলে তাইৰ দিনটোই আধৰুৱা হৈ ৰয়।প্ৰাচুৰ্য্যই জানেহে তাই ভাল গান গায়,এদিনো শুনা নাছিল।সেইদিনা কৰিবলৈ বিশেষ একো নথকাত আৰু ঘৰতো কোনো নথকাত তাই মনতে ভাবিলে বহুদিন তাই গান গোৱা নাই। হাৰমনিয়ামটো ঘৰৰ পৰা অনা নহ'ল! আজিকালি টেকন'লজিৰ যুগ।নেলাগে বাদ্য বজাবৰ বাবে অইন ব্যক্তি।তাই মোবাইলত "ষ্টাৰমেকাৰত" মিউজিক অন কৰি গান গাবলৈ লৈছিল।সীমান্ত শেখৰৰ তাইৰ ভাল লগা গান এটা চেষ্টা কৰি আছিল-
              “লৈ যোৱা একেবাৰে
              থৈ দিয়া কাষৰতে
              আলফুল মৰমেৰে
              ক'তো দুখ নোপোৱাকৈ
              দিলো মোৰ হিয়া তোমাক
             নজনাকে নজনাকে নজনাকে”
     বহুদিন প্ৰেকটিচ নকৰা বাবে বাৰে বাৰে তাইৰ তাল কাটি গৈছিল।তাই মনতেই ভাবিলে এইবোৰ সাধনাৰ কাম।তাই কতদিন যে গানৰ প্ৰেক্টিচ কৰা নাই! তাল নাকাটি কি হ'ব? আৰু শেষত তাইৰ খং উঠি কান্দি দিছিল।এই কথাখিনি প্ৰাচুৰ্য্যই মনে মনে লক্ষ্য কৰি আছিল আৰু পিছদিনাই তাইক এটা হাৰমনিয়াম কিনি দিছিল।তাই অভিভূত হৈ পৰিছিল। প্ৰাচুৰ্য্যৰ
প্ৰতি মৰমত তাই গদগদ হৈ পৰিছিল।
কথাবোৰ ভাবি ভাবি তাইৰ কেতিয়া টোপনি আহিল তাই গমেই নেপালে।
        হঠাৎ তাইৰ ঠাণ্ডা অনুভৱ হোৱাত তাই সাৰ পাই গ'ল।কিয় ইমান ঠাণ্ডা লাগিছে বাৰু তাইৰ? অহ্ প্ৰাচুৰ্য্যই AC টো অন কৰি নাকৰ মাত উলিয়াই টোপনি মাৰি আছে।ইমান গৰমো পৰা নাই,ফেনখন চলালেও হয়! কি যে হ'ব নহয়! কি যে মানুহ এইজন!বুলি তাই উঠি আহি AC টো বন্ধ কৰি দিলে। প্ৰাচুৰ্য্যই ঠাণ্ডাত বিচনাখনত কুচি-মুচি বুকুত এটা গাৰু সাৱটি টোপনিত লালকাল।জিৰো পাৱাৰৰ নীলা লাইটৰ পোহৰে যেন কোঠাটোত এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে।তাই প্ৰাচুৰ্য্যৰ গাত পাতল কাপোৰ এখন মেলি দিলে। একেথিৰে তাৰ মুখলৈ চাই থাকি তাইৰ মনটো কিবা এক মৰমেৰে আৱৰি ধৰিলে।এনে লাগিল যেন তাইৰ সপোনৰ ৰাজকুমাৰেহে শুই আছে বিচনাখনত।ফ্ৰেন্স কাট ডাঢ়িৰে ব্যক্তিত্ব সম্পন্ন এখন মুখ।ইমান নিষ্পাপ,ইমান সৰল এই মানুহজন! এটি শিশু যেন শুই আছে বিচনাখনত তেনে লাগিল তাইৰ।প্ৰাচুৰ্য্যৰ মুখলৈ চাই সেই মাজনিশা কিয় জানো তাইৰ মনত গান এটা খেলি থাকিল।প্ৰণৱ লুখুৰাখণ্ডেৰ গানটো যেন তাই এবাৰ গুণগুণাব! তাই ৰ'ব পৰা নাই।নিশা তেনেদৰে গান গালে প্ৰাচুৰ্য্যই তাইক বলিয়া হোৱা বুলি ভাবিব।তথাপি তাই নিজক চম্ভালিব নোৱাৰি মনতেই প্ৰণৱ লুখুৰাখণ্ডেৰ গানটো আওঁৰাই থাকি প্ৰাচুৰ্য্যৰ মুখলৈ চাই থাকিল-
          “ধৰা নিদিওঁ মই তোমাৰ আগত
          বুকুৰ মাজতেই ভাল পাওঁ!
          নিবিচাৰো মই কোমল পৰশ
          মাথো দুচকুৱে চাওঁ,
          দূৰে দূৰে ৰ'লে তুমি
          সপোনে সপোনে পাওঁ
          সপোন ভাঙি গ'লে
          কান্দি কান্দি ভাল পাওঁ।”

(আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)