জগত গুৰু শংকৰ-চিন্ময় ডেকা

পৰম ব্ৰহ্ম জগত গুৰু শংকৰ
নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক,
আপোনাৰ মহিমা অপাৰ।
দিন-দুখীয়া, একত্রিত কৰি
জাতি-ধর্ম-বৰ্ণ বৈষম্য আঁতৰাই 
হ'ল জগততে অনবদ্য এক বিৰল পৰিহাৰ।
নতুন দিগন্তৰ সূচনা কৰি
দিলা সকলোকে জ্ঞানৰ জেউতি,
শ্ৰদ্ধাৰে পৰম ঈশ্বৰৰ অস্তিত্বক সুঁৱৰি
আপোনাক গুৰু মানি ধৰ্মক লৈছোঁ জীৱনত বুকু পাতি।

✍️চিন্ময় ডেকা

Post a Comment

Previous Post Next Post