চমুকৈ:ভাৰতীয় প্ৰেক্ষাপটত লিংগ বৈষম্য-বন্তী দত্ত

©Admin
0
ভাৰত এখন স্বাধীন দেশ হ'লেও ইয়াত পুৰুষৰ বিপৰীতে মহিলাসকলৰ বাবে এতিয়াও কিছুমান কঠোৰ নীতি-নিয়ম আৰু সীমাবদ্ধতা আছে। মহিলাসকলে প্ৰতিদিনেই নিত্য-নতুন সমস্যাৰ সন্মুখীন হয়। যৌতুক প্ৰথা, ঘৰুৱা হিংসা,বাল্য বিবাহ, ধৰ্ষণ, প্ৰেমজনিত হত্যা, এচিড আক্ৰমণ,কৰ্ম ক্ষেত্ৰত অপ্ৰত্যাশিত ঘটনা সন্মুখীন ইত্যাদিবোৰটো আছেই। পৃথিৱীৰ প্ৰতিটো চুকে কুণে গ্ৰাম্য, নগৰীয়া, ধনী আৰু উদ্যোগী সকলো অঞ্চলতে মহিলাৰ বিৰুদ্ধে বৈষম্য চলি আছে। এইবোৰ ঘটনাই মহিলাসকলক শাৰীৰিক, মানসিক আৰু সামাজিক সমস্যাৰ মাজলৈ লৈ যায়। ধৰ্মীয়, পৰম্পৰাগত বা অন্যান্য সামাজিক ভাৱে নিৰ্মিত কিছুমান কাৰণতে হওঁক বহুতো উন্নয়নশীল সমাজত পুত্ৰ সন্তানক কন্যা সন্তান তকৈ অধিক অগ্ৰাধিকাৰ দিয়া দেখা যায়। আক্ৰমণাত্মক আৰু কঠোৰ মনৰ মহিলাসকলে গ্ৰহণযোগ্য সামাজিক আচৰণৰ বিষয়ে অলিখিত নিয়ম উলংঘা কৰে। উচ্চাভিলাষী আৰু শক্তিশালী আৰু সফল হোৱাৰ বাবে পুৰুষসকলক নিৰন্তৰ প্ৰশংসা কৰা হয়, কিন্তু যিসকল মহিলাই এই একেই বৈশিষ্ট্য প্ৰদৰ্শন কৰে তেওঁলোকে প্ৰায়ে সামাজিক জৰিমনা পৰিশোধ কৰে।
    লিংগ বৈষম্য ভাৰতত এক অতি গুৰুত্বপূৰ্ণ সমস্যা যত মহিলাসকলক পুৰুষৰ তুলনাত দুৰ্ব্যৱহাৰ কৰা হয় আৰু নিম্নমানৰ বুলি গণ্য কৰা হয়।পুৰুষৰ দৰে তেওঁলোকৰ স্বাধীনতা উপভোগ কৰিবলৈ অনুমতি দিয়া নহয়,পুৰুষৰ সমানে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক এনেধৰণৰ বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত লোৱাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহয়, মহিলাসকলৰ শ্ৰমূপাৰ্জিত অৰ্থ ও তেওঁলোকৰ ইচ্ছামতে ব্যয় কৰিবলৈ দিয়া নহয়, নিজৰ জীৱন সংগী নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো বহুতো হকা বাধা কৰা দেখা পোৱা যায়। বহুতো পৰিয়ালে আনকি কন্যা ভ্ৰুণ হত্যা কৰাৰ দৰে অপৰাধ সংঘটিত কৰে। কন্যা শিশু জন্ম হোৱাৰ পিছত বিদ্যালয়লৈ নপঠিয়ায় তাৰ সলনি ঘৰুৱা কৰ্মত লিপ্ত কৰোৱাই। এনে অৱস্থাৰ ফলত মহিলাৰ শিক্ষিতৰ হাৰ কম। স্বামী বিবকানন্দই এনে প্ৰসংগতে কৈছিলে যে,"মোক কেইগৰাকী মান ভাল মাতৃ দিয়া মই তোমালোকক এখন ভাল দেশ দিম।" তেওঁৰ এই কথাষাৰত এক গভীৰ অৰ্থ লুকাই আছিল সেয়া হৈছে যদিহে এজনী কন্যা সন্তান শিক্ষিত হয় তেতিয়া ভৱিষ্যতে সেই ছোৱালী জনী এগৰাকী শিক্ষিত মহিলা হ'ব। এগৰাকী শিক্ষিত  মহিলাই নিজৰ সন্তানলৈ সাক্ষৰতা বিয়পাই দিব। এনেদৰেই এগৰাকী শিক্ষিত মহিলাই গোটেই জাতিটোকে শিক্ষিত কৰিব পাৰিব। সেয়েহে পুৰুষৰ সমানেই মহিলাসকলক সম মৰ্য্যাদা,সম অধিকাৰ, সম প্ৰস্থিতি, দিয়া নহয়,এই বিষয়বোৰে মহিলা সকলৰ প্ৰগতিত বাধা দিয়ে। বহুতো মহিলাইও পুৰুষৰ সমানেই আগবাঢ়ি যাব খুজিলেও সামাজিক লিংগ ধাৰণাটোৱে বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে। এখন সমাজত মহিলাৰ বিৰুদ্ধে বৈষম্য কামৰ শ্ৰেণীকৰণৰ  দ্বাৰা নিৰ্ধাৰণ কৰা হয়। পুৰুষতান্ত্ৰিক সমাজত পুৰুষতকৈ মহিলাক দুৰ্বল বুলি ভবা হয় আৰু সেয়ে মহিলাসকলক গৌণ স্থান দিয়া হয়। চমুকৈ কবলৈ গলে;লিংগ বৈষম্য যিমান পুৰুষৰ বাবে সুবিধাৰ কাহিনী, ই সমানেই মহিলাৰ অসুবিধাৰ কাহিনী। আপাতদৃষ্টিত, ছোৱালী এজনীয়ে অনা যৌতুক বিবাহিত জীৱনত তাইৰ উপস্থিতিতকৈ অধিক গুৰুত্বপূৰ্ণ। বিবাহৰ পিছত পতি পত্নীৰ আত্মিক সম্পৰ্কৰ ঠাইত মহিলাসকলক সামগ্ৰী অৰ্জনৰ উপায় হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে।নাৰীৰ ওপৰত ঘৰুৱা হিংসা হৈছে এক নীৰৱ অপৰাধ যি বহু ঠাইত সংঘটিত হয় কিন্তু কম প্ৰতিবেদিত হয়। ১৯৯৭ চনৰ পৰা ২০০২ চনলৈকে ভাৰতত ঘৰুৱা হিংসা ৩৪.৫% বৃদ্ধি পাই। ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈকে মহিলাৰ ওপৰত কৰা নিৰ্যাতনৰ শতকৰা ২৯.৫ ভাগেই পুৰুষৰ দ্বাৰা সংঘটিত ঘৰুৱা হিংসা।
      বৰ্তমান যুগত দেশৰ সামগ্ৰিক বিকাশ উন্নত কৰাৰ বাবে গণতান্ত্ৰিক আৰু নিৰ্বাচনী পদ্ধতি আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত মহিলাৰ সমৃদ্ধ অৱদান দেখা গৈছে।ভাৰত চৰকাৰে মহিলাৰ ন্যায়ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যেনে ১৯২৯ চনত বাল্য বিবাহ প্ৰতিৰোধ, ১৯৭১ চনৰ যৌতুক বিৰোধী আইন, ১৯৫৯ চনৰ নিৰ্দিষ্ট বিবাহ আইন, ইত্যাদি। কিন্তু ইমানবোৰ হোৱাৰ পিছতো এতিয়াও নাৰী অৱহেলিত হৈয়েই আছে। আৰু লিংগ সমতাৰ বাবে যুঁজ দিয়াটো কেৱল মহিলাৰ বাবে দায়িত্ব নহয়। সমাজখনকো ইয়াৰ বাবে দায়বদ্ধ কৰা উচিত।যেতিয়ালৈকে সমাজত সামাজিক লিংগৰ দৰে শব্দ ওপঙি থাকে, তেতিয়ালৈকে কোনো প্ৰকৃত সমতা থাকিব  নোৱাৰে।
                                                                        ✍️বন্তী দত্ত।
      তামুলীপথাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)