জীৱন এটি অবুজ সাঁথৰ -মানস প্ৰতীম মালী

Aditi Tanti
0
জীৱন , সঁচাকৈ এটি 
ৰঙীন সপোন ; 
যিটো সপোনত কেতিয়াবা সুখ , কেতিয়াবা দুখ ,
আৰু কেতিয়াবা থাকে 
অনেক উত্তৰ বিচাৰি নোপোৱা প্ৰশ্ন ।

জীৱনটো যেন কেতিয়াবা
মানুহৰ হাঁহিৰ কাৰণ হৈ পৰে ,
জীৱনটো যেন কেতিয়াবা 
এটি উত্তৰ নথকা 
সাঁথৰ হৈ পৰে । 

সুখ , দুখ , শ্ৰম , বিনিময় , ত্যাগ এইবোৰ যেন জীৱন নামৰ সাঁথৰবোৰৰ 
এটি এটি শব্দ মাথোঁ । 
যিবোৰ শব্দ নাথাকিলে 
জীৱন নামৰ সাঁথৰটোৱেই 
মূল্যহীন হৈ পৰে । 

জীৱনটো কেতিয়াও মূল্যৰে
জুখিব নোৱাৰি , কিন্তু ,যেতিয়া দুখবোৰ জীৱনৰপৰা আঁতৰি নাযায় ,
অন্ধকাৰৰ মাজত বলিয়াৰ দৰে সুখৰ সন্ধান কৰিবলগীয়া হয় , তেতিয়া জীৱনটোও যেন মূল্যহীন হৈ পৰিব খোজে ।

মনত যেতিয়া অনেক প্ৰশ্নৰ উদ্ভৱ হয় ,
তেতিয়া জীৱনটোও যেন আনৰ হাঁহিৰ কাৰণ হৈ পৰে ।
 তথাপি,সেই সকলোবোৰকে প্ৰত্যাহ্বান হিচাবে লৈ জীৱন নামৰ ৰণক্ষেত্ৰখনত ধৈৰ্য্য আৰু আত্মবিশ্বাসেৰে আগুৱাই গʼলে এদিন নিশ্চয় সফলতাৰ উচ্চ শিখৰত আৰোহণ সক্ষম হ'ব পাৰি।

      এক কথাত কʼবলৈ গʼলে মানুহৰ জীৱনটো এটা নিমিলা অংকৰ দৰেই । অংক এটাৰ যেনেকৈ যোগ , বিয়োগ , পূৰণ , হৰণ কৰি কৰি অংকটো শেষ হ'ব লওঁতেই অংকটোত খেলি-মেলি লাগে,‌ ঠিক তেনেকৈ মানুহৰ জীৱনটোতো সমস্যাৰ সমাধান কৰি কৰি এদিন মৰিব লাগে । এই সমস্যাবোৰক কোনোদিনেই অভিশাপ বুলি ভাবিব নালাগে , কাৰণ সকলোৰে জীৱনত সমস্যা থাকিবই । যেনেকৈ অংক এটা কৰিব ল'লে যোগ , বিয়োগ , পূৰণ , হৰণ কৰিব লাগে, ঠিক তেনেকৈ জীৱনটোত ভালদৰে জীয়াই থাকিবলৈও সমস্যাৰ সমাধান কৰিবই লাগিব ।
সুখ নাথাকিলে জীৱনটোত কোনোদিনে দুখৰ উপলব্ধি কৰিব নোৱাৰি । সুখ আৰু দুখ এটি মুদ্ৰাৰ ইপিঠি সিপিঠি । জীৱনটোত সুখ থাকিলে দুখো থাকিব ।  
জীৱনত অহা সমস্যাবোৰৰ মাজতেই সুখ বিচাৰিব লাগে ।
        জীৱনলৈ অহা সকলো সমস্যাৰেই সমাধান থাকে । কেতিয়াও সকলো বেয়া সমস্যাৰ সমাধান আত্মহত্যা হ'ব নোৱাৰে।সমস্যাৰ লগত খাপ খুৱাই আৰু সমস্যাসমুহৰ সমাধানৰ পথ উলিয়াই লʼব পাৰিলে জীৱনলৈ যিমানেই ডাঙৰ জটিলতা নাহক কিয়,তাক সমাধানৰ পথো নিজেই ওলাই পৰিব। তাৰবাবে লাগিব ধৈৰ্য্য আৰু আত্মবিশ্বাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)