বিত্ত- চি বি ডি চি | নীল প্ৰজাপতি

©Admin
0
হয়, ঠিকেই পঢ়িছে। দ্বাবিংশ শতিকাৰ হ’বলগীয়া এটি অতি চিনাকী নাম। কিন্তু এয়াটো একবিংশ শতিকাহে। হয় এতিয়াই ইয়াৰ উল্লেখ কৰাটো হাস্যকৰ নহয় জানো ? আহকচোন জানো কি এই চি বি ডি চি ? বৰ্তমানৰ ক'ৰণা আক্ৰান্ত জীৱনে আমাক শিকাই যোৱা কলা ইতিহাসৰ এটা জীৱন্ত উদাহৰণ হৈ ৰ’ব এই চি বি ডি চি। 

এবাৰ ভাবকচোন যোৱা দুটা বছৰত আমাক ক'ৰণাই কমখন জিয়াতু ভোগালে !চেনিটাইজাৰ, মাস্ক, অক্সিজেন, ব্লেক ফাংগাছ, অমিক্ৰণ আৰু যে কত কি। এই সময়খিনিয়েই জন্ম দিছিল চি বি ডি চি ৰ। যেতিয়া কোনেও কৰমৰ্দন কৰিব পৰা নাছিল। হাতে হাতে কোনো সামগ্ৰী ল’ব পৰা নগৈছিল। তেতিয়া আপুনি শাক-পাচলি আদিও ধুই পখালিহে ঘৰ সোমাইছিল। তেতিয়া বাৰু বেচা কিনা কৰোঁতে টকা কেইটা বা নোটখন ল’বলৈ সংকোচ কৰা নাছিলনে ? কেনেবাকৈ যদি ভাইৰাছে চুমা যাচে ? হয় সেই তেতিয়াই আপুনি বাছি লৈছিল ডিজিটেল কাৰেঞ্চী বা ভাৰ্চুৱেল মানি বা বৈদ্যুতিক অংকীয় মুদ্ৰা। যিটো কাগজী মূদ্ৰাৰ সম্পূৰ্ণ বিপৰীত কিন্তু ব্যৱহাৰ আৰু উপযোগিতা একেই। চি বি ডি চি ৰ সম্পূৰ্ণৰূপটো হৈছে "Central Bank Digital currency"।যিটো কোনো এখন দেশৰ বা দেশবিলাকৰ কেন্দ্ৰীয় বেংকবোৰে প্ৰস্তুত কৰা অংকীয় মুদ্ৰা। ইয়াক আপুনি চুই চাব নোৱাৰে মাথোঁ দেখে, থকাৰ প্ৰমাণ আক্ষৰিক কিন্তু কাগজী মূদ্ৰাৰ দৰে গ্ৰহণযোগ্য বা ব্যৱহাৰ বা লেনদেন কৰিব পাৰে। Paytm, UPI, AMAZON, BHIM GOOGLE PAY, PHONPE, BHARAT PE ইত্যাদিৰ নাম আপোনাৰ মূখস্থ হৈ গৈছে যাৰ দ্বাৰা ক'ৰণা কালত আপুনি বা মই লেনদেন কৰিছিলোঁ বা কৰি আছো ৷ এই যে মই মোবাইলত মোৰ বেংক একাউন্টৰ পৰা ৫০, ১০০, ২০০, ৫০০ টকাটো দিলো সেয়াই হৈছে অংকীত মুদ্ৰা যিটো আমাৰ কেন্দ্ৰীয় বেংক বা ৰিজাৰ্ভ বেংকে মান্যতা দিছে মুদ্ৰা বুলি। আপুনি টকাৰ অংক কেইটাহে দেখিলে বা দিলে, তেওঁ পালেও। কিন্তু কাগজী মুদ্ৰাৰ দৰে আপুনি লাৰিব নোৱাৰে বা মানিবেগত লৈ ফুৰিব নোৱাৰে। এয়াই চি বি ডি চি ৰ মহিমা। যাৰ এখন পুৰাণ আছে নাম ক্ৰিপটোকাৰেঞ্চী। আজিলৈ সামৰি সেয়া আন এদিনলৈ থলোঁ।


◼️নীল প্ৰজাপতি
জাগীৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)