মই প্ৰেমিক ৰজনীগন্ধাৰ-দিপিকা কামান

©Admin
0
এই ৰজনীগন্ধা-
তাইৰ নামেই ৰজনীগন্ধা
তাইনো ৰাতি নুফুলি কেনেদৰে
দিনত ফুলিব? নিশিত পুৱাৰ শেৱালিৰ গতে
নিশাই নিশাই পুষ্পিতা তাই এজোপা প্ৰকাণ্ড বৃক্ষ।
তাইৰ এই বেঙুনী শুভ্ৰ লঘু ৰংটি
খুবেই প্ৰিয় মোৰ, জানেনে আপুনি?
কপৌ সদৃশ মসৃণ কণ কণ পাহি তাইৰ
চুলেই সৰি পৰে যেন চিৰ্‌চিৰ্‌
লাজুকী লতা হৈ।
থুপি থুপি লাহি পাহিত শীতল হিমজুৰ
চুমিবলৈ প্ৰৱল লিপ্সা মোৰ
কেনেকৈনো তাই ইমান ওখ হ'ল বাৰু?
কল্পিত আপোনাসৱৰ মন-মগজু
মইও স্তম্ভিত এইৰ উচ্চতাৰ গতত।
কিন্তু কিয়? গছবোৰতো আচলতে ওখই জোখৰ
পিছে ফুলৰ অন্য কেইজুপি যে তেনেই চাপৰ;
কোৱা হ'ব এইটি নৈশ আমোলমোলে
আপোন পাহৰাই মোক শ্বাসনলীও উজ্জীৱিত কৰে
অইন পুষ্পবিৰিখৰ জানো আছে এনে প্ৰমূল্য??
নাই, সেইবোৰ কেৱল সুশোভনহে
একেদৰে বাকী তৰুবোৰেও মাত্ৰ জীৱন দান কৰে।
এইবিধে যে আকৌ দুয়ো দিশেই
উপকাৰ সাধে; কোনেও সহজে এইক নুঢুকে নেকি কাৰণত সেই?
ই ভগৱৎ জনম।।
সত্যাসত্য শিহৰণ এটাই মাথোঁ-
মই প্ৰেমিক ৰজনীগন্ধাৰ।।।

আলফুলকৈ ছিঙি আনি
বুকুৰ কোনোবা কোণত থ'বলৈ মন গুজি
অৱশ্যে তেনেকৈ তাই বাঢ়িব জানো,
অচিন কাঠত পাব কিনো?
থাকক সেই পদূলি মূৰতে।
বা, সৌ মুক্ত অৱস্থানত নতুবা
উদ্যানৰ দৰ্শাই সুন্দৰতা
মই উক্ত সৌন্দৰ্যবিভোৰ
থমকিম সৌ চমকপ্ৰদ বাহুত
য'ত মুঠি মুঠি সাজ সেউজী কাণ্ড।
এফালে মোৰ প্ৰাণৰ লগৰী
আনফালে দহো সঞ্জীৱনী
তাইজনীৰ প্ৰেমিক
নহৈ মই কি প্ৰাণ কাঢ়িম
তাইৰ? নহ'ব- এয়া অবাঞ্ছিত।
মোৰো প্ৰকৃত বন্ধু যি সমাজ হিতক,
দীপ্ত কৰোৱা তমসাৰ নিজম
তায়েই নিৰীহ প্ৰাণীৰ উশাহ!
তাইৰেই এজন পুৰুষ জীয়াৰ
ৰজনীগন্ধাত উদ্বাউল সেয়ে!!
মই প্ৰেমিক ৰজনীগন্ধাৰ।।
মই প্ৰেমিক ৰজনীগন্ধাৰ।।।

✍️দিপিকা কামান, চিনাতলীয়া, লখিমপুৰ, অসম(৭৮৭০৩১)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)