বেসুৰা জীৱন অনন্ত অচল ;
তানপুৰাৰ সুৰত মিছিল ৰাগী
অধৰত দোলে সি এন্ধাৰৰ বাগী ।
বিবিধ ফটিকাৰ উৎসৱত মাতাল
কত জনতাৰ উন্মাদ আকাল ;
শামুকৰ খোলাত আৱদ্ধ কায়া
শত নিতে মানৱৰ অজস্ৰ মায়া ।
তেজৰ বোলেৰে বোলাই ফাকু জননীত
প্ৰসিত কুসুমে ই থাপনা পুলকিত ;
সুন্দৰৰ বসুধাখনি শতৰুৰ বেদনা নাশি
প্ৰেমৰ মদিৰা পি মিলনৰ সৌন্দৰ্য্যৰাশি ।
সময়ে যে নিবিচাৰে কোন ক'ত আপোন
তথাপিও লিখোঁ চিনাকি তেজৰে সপোন ।
শ্মশানৰ ধোঁৱাত জাগে অবাধ স্বাধীনতা
জীৱন্ত লিপিত লিখা সেয়াই চঞ্চলতা ।
মাটিৰ মানুহ আমি মাটিয়েই ঘৰ
বাৰে বাৰে বিচাৰো কিয় স্বৰ্গৰ নগৰ ?