পদপথৰ পাগলীজনী গৰ্ভৱতী হ’ল | জিতু মণি দাস

Rinku Rajowar
0
ডাষ্টবিনটোৰ সন্মুখৰ
পদপথটোত শুই থকা
পাগলীজনী গৰ্ভৱতী হ’ল ,

ডাষ্টবিনটোৰ আৱৰ্জ্জনাত
কোনোবাই পেলাই দিয়া
সেমেকা ৰুটি টুকুৰা
চোবাই খোৱাটোৱেই 
তাইৰ জীৱন আছিল ,

পলিথিনৰ বেগটো আছিল
এঙাৰ এলান্ধুযুক্ত
মিচ্‌ মিচিয়া ক’লা ,

বিশাল পৃথিৱীৰ চাৰিমুৰত
এচুক নাছিল তাইৰ বাবে
শান্তিৰ উশাহ ল’বলৈ ,

তাই নাজানিছিল
সময়-অসময়
জন্তু-জানোৱাৰ নাইবা
হৃদয়ৰ আৰ্তনাদৰ সুৰ ,

নাইবা তাই নাজানিছিল
মাতালৰূপী জানোৱাৰে
কামনাৰে তাইৰ দেহত
বীজ ৰোপণ কৰাটো ,

নাইবা তাই নুবুজিছিল
ভদ্ৰতাৰ মূখাপিন্ধি
অহৰহ তাইৰ ওচৰৰে
অহাযোৱা কৰাজনো
কোনোবা সুবিধাবাদী ,

তাই অনুভৱ কৰিছিল লাহে লাহে
যে তাই এদিন জন্ম দিব
ভ্ৰণ সংমিশ্ৰিত এটা শিশু ,

তাই বৰ সাৱধানে 
পাৰ কৰিছিল
প্ৰতিটো আন্ধাৰৰ
অমাৱস্যা ৰাতি
সংগোপনে সংযতনে ,

হে অনুজ ,
হে মহান অগ্ৰজ
সভ্যতাৰ পৃথিৱীখনৰ
এই দুৰ্যোগ আমি
কিমান ভুগিম
কেতিয়ানো সাৰ পাম আমি ,

নে প্ৰতিমূহূৰ্তত আমি
ৰাজহাড় বেঁকাকৰি
চকুৰ সন্মুখত এৰি দিম
ধৰ্ষিতা হ’বলৈ ,
নে আমি এৰি দিম
পাষণ্ডৰ পৃথিৱীত
পাগলী সজাই
তৃপ্তিৰ স্বাদ ল’বলৈ ,
       
🔴শ্ৰী জিতু মণি দাস
বৰপতিমা ( মিৰ্জা )
কামৰূপ ( গ্ৰাম্য )
মঃ ৯৮৫৯৫ ২৯৩২৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)