ফাগুন | ৰঙিলী লইং

Rinku Rajowar
1
ফাগুন তুমি  বৰ দুষ্ট 
খোজত চাপ বহুৱা 
তোমাৰ বাটৰ ধূলিসাৎ বোৰে 
মুগ্ধ কৰিছে কবিতা বিহিন কবিসকলৰ 
বিবেক  আত্মা স্বপ্ননীল । 

মুকলি আকাশৰ তলতো  
জিলিকি উঠিছে
ৰঙিন  ৰঙৰে
পলাশ, শিমলু, মদাৰ সেই নয়ন ভৰা পুষ্পবোৰ। 

নাচি উঠিছে লিগাঙে  হাট বাউল দিয়া 
মৃদংগ ধোলৰ চেৱেৰে 
লাহি  ককাঁলৰ  ফাগুনীজনী 
ঐ নিতম  এফাকিৰে সুধিছে  
তুমি আহিলা চেনাই 
ফাগুনক লগত লৈ।

⏺️ৰঙিলী লইং
 বোকাখাট ৰজাবাৰী ভকতচাপৰী

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment