অনাকাঙ্খিত মৃত্যু-ৰিঙ্কু দেৱী বৰ্মণ

©Admin
0
 সন্ধিয়াৰ গোঁসাই চাকি জ্বলাই আহি সেউতীয়ে নিজৰ কোঠালিৰ লাইটটো দি চকীখনতে বহিব খুজিছিল মাথোন ; তাইৰ ফোনটো বাজি  উঠিল । ফোনৰ স্ক্ৰীণত ডাঙৰ বাইদেউ...
: অ' ডাঙৰ বাইদেউ কঁওক ; ভালে আছেনে ? ভিনদেউ ৰ কাঁহটো কমিছেনে ?
: উত্তৰত...তাকেটো ৰ'বা সেউতী , ভিনদেউৱেৰে কাঁহটো ভালেই নাপায়চোন । ইমান ঔষধ , ইমান ডাক্তৰ ; কি যে কৰোঁ একো ভাবিয়ে পোৱা নাই ।
: তাকেহে ডাঙৰ বাইদেউ ; ডাক্তৰক আকৌ এবাৰ দেখুৱাব লাগিছিল ।
: ওম...তোমালোকৰ ভালনে ?ঘৰৰ সকলোবোৰ ভালে আছেনে ? মা , ভাইটি , মুনটি লগতে ভণ্টি ?
: আছে ডাঙৰ বাইদেউ ; ইয়াত সকলো ভালে আছে ।আপুনি ভিনদেউৰ যত্ন লঁওক বাইদেউ ।
: ওম হ'ব দিয়া ৰাখো এতিয়া । ভিনদেউৰে তোমাৰ কথা কৈয়ে থাকে । মাজে-সময়ে খবৰ এটা ল'বা ।
: আপুনি কি যে কয় ডাঙৰ বাইদেউ , মই খবৰ লৈয়ে আছোচোন ; মাজতে দুদিনহে কৰা নাই । তাকো মাইনা (মুনটি)ৰ পৰীক্ষা চলি থকা বাবে । ভিনদেউ যে আৰু...।
: হ'ব দিয়া ৰাখো এতিয়া ; ভিনদেউৰেক চাহ দিঁওগৈ ।
: হ'ব ডাঙৰ বাইদেউ ; ৰাখক....।

       সেউতী ঘৰখনৰ সৰু বোৱাৰী ; কিন্তু ঘৰখনৰ সকলোৰে খবৰ ল'বলৈ তাই যৎপৰোনাস্তি চেষ্টা কৰে ।ঘৰখনৰ সকলোকে নিয়াৰিকৈ চলাই নিবলৈ তাইৰ আপ্ৰাণ চেষ্টা । জেশাহু দুজনীৰ খবৰ দুই-তিনিদিনৰ অন্তৰে-অন্তৰে লৈয়ে থাকে । ভাগিনীয়েক কেইটা যে সেউতী মানে মামীয়েক বুলি ক'লে সকলো পাহৰে । নহ'বনো কিয় ? কিবা এটা বস্তু বনোৱা মাত্ৰকে ফোন কৰি গোটেইকেইটাকে মাতি নোখোৱালৈকে সেউতীৰ মন শাঁত নপৰে । ভিনিহিয়েক দুজনেও সেউতীক খুলশালী বোৱাৰী বুলি নহয় নিজৰ জীয়ৰী বুলিহে মৰম কৰে । নকৰিবনো কিয় ? ডাঙৰ ভিনিহিয়েক মোহন শইকীয়া সেউতীৰ দেউতাকৰ বন্ধু ; সেই সূত্ৰে সৰুৰে পৰা সেউতীক লগ পাইছিল আৰু তেঁওৰ কথামতেই সেউতীক খুলশালিয়েকলৈ বিয়া কৰোৱাই আনিছিল ।

         মোহন শইকীয়া পেচাত এগৰাকী সাংবাদিক তথা এখন আগশাৰী বাতৰি কাকতৰ সম্পাদক প্ৰধান ।বিভিন্ন সভা-সমিতি, ৰাজহুৱা অনুষ্ঠান  , মানুহক সহায় কৰি  ভালপোৱা এজন সমাজৰ আগশাৰীৰ ব্যক্তি আছিল ।গুৱাহাটীৰ পাঞ্জাবাৰী নিবাসী মোহন শইকীয়া  দুটা ল'ৰা সন্তান ,দুই বোৱাৰী , নাতি আৰু সপত্নী হেমলতা শইকীয়াৰে সতে সুখতে দিন কটাইছিল । কিন্তু, বিধিৰ লেখন কোনে খণ্ডাব । যোৱাবছৰ অৰ্থাৎ কালৰূপী ক'ৰুণাই প্ৰতিষ্ঠা লাভ কৰাৰ কেইমাহমান আগৰেপৰা তেখেতক এটা শুকান কাঁহে বৰ আমনি কৰিছিল । প্ৰথমে ফাৰ্মাচীৰ পৰা আনি ঔষধ খাবলৈ ল'লে তাৰপাছত মেডিছিনৰ ডাক্তৰ , তাৰপিছত উপায়ন্তৰ হৈ ই এন  টিৰ ডাক্তৰক দেখুৱাই ঔষধ খাইও কোনো সুফল পোৱা নাই ।

       সেউতীহঁতৰ ঘৰলৈ অৰ্থাৎ (মোহন শইকীয়াৰ শহুৰেকৰ ঘৰ )আহিলে সেউতীয়ে সদায় খঙেৰেই কয়...
: ডাঙৰ ভিনদেউ ; আপুনি কাঁহটো কিন্তু গহীনভাৱে লোৱা নাই ।ইমান দিন হ'ল আপোনাৰ বাঢ়িহে গৈছে ; কমা নাই । তাতে শুকান কাঁহ । ভালকে ডাক্তৰক দেখুৱাকচোন ; নহ'লে ডাঙৰ বাবাৰ তালৈকে যাঁওক । তাতেই এবাৰ ভালকৈ দেখুৱাই আঁহক । (মোহন শইকীয়াৰ ডাঙৰ ল'ৰা দিল্লীত থাকে )
: ৰ'চোন এই , তঁহতে এইখন বৰ চিন্তা কৰি থাকা । ভাল হ'ব দে ; ঔষধ খাইছোঁ নহয় । তই এইখন বৰ হাঁহাকাৰ কৰি থাকা । 
: নহয় ভিনদেউ আপুনি বুজা নাই ! আপোনাৰ শুকান কাঁহ হৈছে ভিনদেউ ।
: দে দে হ'ব দে ! তই একাপ চাহ দে গৈ । গৰমে গৰমে একাপ চাহ খালেই ভাল পাম যা ।

         মোহন শইকীয়া সেউতীহঁতৰ ঘৰলৈ আহিলে সেউতীৰ লগত সদায় ডাক্তৰক দেখুওৱা হৈ একলা লাগে । সেউতীৰ মানত ডাঙৰ ভিনদেউ মানে যেন দেউতাকটোহে । নহ'বনো কিয় ? ভিনিহিয়েকৰো জানো মৰম অলপ ; ছোৱালী নোহোৱা ঘৰ বাবেই হয়তো সেউতীক নিজৰ ছোৱালী জ্ঞান কৰি আহিছে । এদিন এদিনকৈ সময়বোৰ গৈ থাকিল, নৰ'ল কাৰোৰে বাবে । ভিনদেউৰ কাঁহটোৰ পৰিমাণো যেন বাঢ়িয়ে থাকিল । 

        ইপিনে কালৰূপী ক'ৰুণা সমগ্ৰ পৃথিৱী ব্যাপি পৰিল । সংহাৰ ৰূপ ল'লে মৃত্যুদূত ক'ৰুণাই । কাৰোবাৰ কাষলৈ যোৱা , কথা পতা নতুবা হাতে হাত ধৰাৰ পৰাও বঞ্চিত হ'বলগীয়া হ'ল । মানুহে মানুহক ভয় কৰা হ'ল ॥ এনে পৰিস্হিতিৰ সময়তে ভিনদেউৰ গা বেছি বেয়া হৈ পৰিল । শুকান কাঁহটোৱে ভিনদেউৰ উশাহটো বন্ধ কৰা সদৃশ কৰালে । তাৰমাজতে আকৌ মৃত্যু্ৰূপী ক'ৰুণাৰ বৰ্দ্ধিত পৰিস্হিতি দেখি ৰাজ্যত লকডাউন আৰম্ভ হ'ল । সৰু ল'ৰা হিমাংশুৱে দেউতাকৰ অৱস্হা দেখি কাষৰ ফাৰ্মাচীৰে ই এন টি ডাক্তৰ এজনকে দেখুৱাই দিলে । সৰু ল'ৰা হিমাংশু মাক-দেউতাকৰ লগতে তাৰ পৰিয়ালৰ স'তে একেলগে থাকে । তাৰ পত্নী জয়িতাজনীও মাতে-কথায়ে, আচাৰে-ব্যৱহাৰে সাইলাস যেন লখিমী বোৱাৰীজনীহে । কথাতে কয় নহয় বোলে , "সৰু হাবিৰ মাজতো সিংহৰ বাস" হয় । ফাৰ্মাচীৰ ডাক্তৰজনো যেন ভিনদেউৰ বাবে ভগৱান সদৃশ হ'ল । ভিনদেউক দেখাৰ লগে লগে তেঁও বাইয়'প্সি কৰাবলৈ দিলে  । হিমাংশুৱেও পলম নকৰি ক'ৰুণাৰ সময় যদিও খুউব সাবধানে টেষ্ট কৰোৱাই ডাক্তৰক ৰিপোৰ্ট দেখুওৱাত ৰিপোৰ্ট পজিটিভ আহিল ৪ৰ্থ পৰ্যায় । হিমাংশুৰ চুলিৰ আগেদি যেন জীৱটোহে গ'ল । সি আগলৈ একো চিন্তা নকৰি মামীয়েক সেউতীক খবৰটো জনালে । কাৰণ জয়িতা আৰু হিমাংশুয়ে সকলো কথাই মামীয়েকক কয় আৰু সেউতীয়েও সিঁহতক যিমান পাৰে সহায় কৰিবলৈ যত্ন কৰে ; সেইয়া লাগে কথাৰেই হঁওক নতুবা কামেৰেই হঁওক । 

        আবেলিৰ সময় ; ৩মান বাজিছে । সেউতীৰ ফোনত হিমাংশুৰ কলিং ....
: অ' হিম কোৱা ।
: মামী , দেউতাৰ পজিটিভ ।
: এইয়া কি কৈছ হিম ?
: ওম মামী ; যি শুনিছা সেইয়াই সঁচা , 4th stage ।
: উফ্ ভগৱান ! এইয়া তুমি কি কৰিলা । সেউতী উচুপি উঠিল । এপলকৰ বাবে থাইৰ এনে লাগিল যেন তাইৰ মূৰত সৰগখনহে ভাঙি পৰিল । নহ'ববাইবা কিয় ? বিয়াৰ পাছত শহুৰৰ ঘৰখনত স্বামী পৱনৰ বাহিৰে আপোন বুলিবলৈ একমাত্ৰ ডাঙৰ ভিনদেউয়েকে আছিল । আৰু এতিয়া.....? তাই সকলো পাহৰি হিমক সাহস দিলে আৰু ক'লে , একো নহয় তুমি বেছি চিন্তা নকৰিবা হিম ...আমি আছোঁ নহয় । ডাঙৰ বাবা নহালৈকে আমিয়ে হস্পিটেলৰ কামবোৰ আগুৱাব লাগিব । তুমি বুজিছা ন হিম ! তুমি ভাঙি নপৰিবা দেই ।
: নাই মামী মই ঠকে আছো ! তোমালোক আছা নহয় । পৰহিলৈ ডাক্তৰৰ এপইণ্টমেণ্ট লৈছোঁ ! দেখুৱাই আহোঁ...কি কয় চাঁও ৰ'বা ।
: ক'ত দেখুৱাম বুলি ভাবিছা হিম ?
:  North East Cancer Hosital ( Jurabat )
: ওম , ঠিকে আছে দিয়া । খৰছ বহুতখিনি হ'ব হিম ; হাতত আছেনে হস্পিটেল যোৱা সময়খিনিলৈ ?
: অলপ আছে মামী ; চাঁও কি হয় । কিবাকে মিলাম দিয়া । এতিয়া ৰাখোঁ দিয়া মামী ।
: ওম হিম ৰাখা ।

        টকা-পইচাৰ কথা চিন্তা কৰিব লগাত পৰিল ঘৰৰ সৰু ল'ৰা হিমাংশু । সাংবাদিক জীৱনৰ অধ্যায় হয়তো এনেকুৱাই ; সন্তানহঁতলৈ বহুত কিবা একো থৈ যাব নোৱাৰা ।  বাইদেউ চৰকাৰী চাকৰিয়াল যদিও পেনছনৰ টকা কেইটাৰে ঘৰখনৰ জোৰা-টাপলি মাৰোতেই যায় । হিমাংশুও সৰু-সুৰাকে নিজে চলিব পৰাকে প্ৰাইভেট কোম্পানী এটাত কিবাকে মুৰটো গুজি আছে । তাতে আকৌ তাৰো ল'ৰা এটা । ডাঙৰ ল'ৰা দিল্লীত থাকে যদিও খৰছৰ মাত্ৰা তাতেই বহুত বেছি ; গতিকে ঘৰলৈ খৰছ দিয়াটো প্ৰশ্নবোধক ।সিও এটা সন্তানৰ পিতৃ । ঘৰখন তেনেকৈয়ে ভিনদেউয়ে টনা-আজোৰাকে চলাই নি আছিল কাৰোৰে ওচৰত হাত নপতাকে । তেঁও বেমাৰত পৰাৰে পৰাহে বাইদেউৰ নগুৰ-নাগতি হৈছে । 

         অৱশেষত হস্পিটেল যোৱা দিনটো  আহি পৰাত হিমাংশুয়ে গাড়ী চলোৱা ল'ৰাটো ধনজিৎক মাতি গাড়ীখন লৈ আহিবলৈ ক'লে । ( ঘৰত গাড়ী থোৱাৰ ব্যৱস্হা নাছিল হেতুকে ধনজিৎৰ ঘৰতে গাড়ীখন ৰাখিছিল ) ধনজিৎ পেচাত ড্ৰাইভাৰ যদিও সিঁহতৰ ঘৰৰ সদস্যস্বৰূপ । সিঁহতৰ প্ৰতিটো কামতে সি হিমৰ যেন সোঁহাতলেখীয়া । সিঁও হিমৰ ফোন পাই ততাতৈয়াকৈ গাড়ীখন আনি ভিনদেউক গাড়ীত উঠাই ক'ৰুণাৰ সকলো নিয়ম মানি ৰাওনা হ'ল হস্পিটেল । বাইদেউয়েও চাকৰিকালতে গাড়ীখন কিনি থৈ যেন এক মহৌষধৰ কামহে কৰিলে । এতিয়া ভিনদেউকে প্ৰয়োজন হ'ল প্ৰতি সময়ৰ বাবে ।

         হস্পিটেল গৈহে লাগিল আচল লেঠা ; বোলে ক'ৰুণা টেষ্ট কৰাব লাগিব । নহ'লে কাম আগবাঢ়ি নাযাব । উপায়ন্তৰ হৈ হিমে দেউতাকৰ ক'ৰুণা টেষ্ট কৰুৱালে ; ৰিপোৰ্ট আহিল প'জিটিভ । ডাক্তৰৰ মন্তব্য ক'ৰুণা নিগেটিভ নহালৈকে ট্ৰিটমেণ্ট কৰোৱা নহ'ব । এতিয়া ভিনদেউ থাকিব লাগিব GMCH আৰু ঘৰৰ আন সদস্য কেইজনেও পৰীক্ষা কৰোৱাব লাগিব । কথামতেই কাম ; ভিনদেউক GMCHত ৰখোৱাৰ ব্যৱস্হা কৰি ঘৰৰ বাকীকেইজনে কৰোৱাত আহিল বাইদেউৰ প'জিটিভ ; বাকীকেইটাৰ নিগেটিভ । বাইদেউকো GMCHত ৰখোৱাৰ ব্যৱস্হা কৰা হ'ল চৈধ্য দিনৰ বাবে ; আৰু ঘৰখন হ'ল হোম কোৱাৰাণ্টাইন । হস্পিটেল অহা-যোৱা কৰি থাকোতেই হিমাংশুয়ে ঘৰৰ যাবতীয় বস্তু-বাহানিৰ কথা পাহৰিলেই যে কিছু যোগাৰ কৰিব লাগিছিল । যিমানখিনি আছিল সেইখিনিৰে কেইদিনমান যোৱাৰ পাছত অলপ নাটনিও হৈ আহিল । কাষৰ চুবুৰীয়াইও যেন সিঁহতক এঘৰীয়া কৰালে ; দেশত মাৰাত্মক বেমাৰটো যেন মোহন শইকীয়াৰ ঘৰতে হ'ল ; দুজনৰ ক'ৰুণা প'জিটিভ ।

        সেউতীয়ে বস্তু নাটনিৰ কথা জানিয়ে খোৱা বস্তুৰ অলপ যোগাৰ কৰি ধনজিৎক মতাৰ ব্যৱস্হা কৰালে । মামীয়েকে মাতা বুলি জানি পুৱা পাঁচ বজাতে আহি পদূলি মুখত হাজিৰ । 
: বোলে মামী , তাৰা-তাৰি কৰক ; কাৰফিউ ৬বজাৰ পৰা হ'বই । মোৰ পুলিচৰ মাৰকেইটা খাবলৈ মন নাই ।
: মামীয়েকেও দৌৰা দৌৰিকৈ বস্তুৰে ভৰাই থোৱা বেগ কেইটা আনি পদূলিমূৰতে স্কুটিখনত উঠাই দিলে আৰু ক'লে বোলে , এতিয়া যাগৈ সোনকালে ।
: ওম মামী , আহোঁ দিয়ক ।

      এনেকৈয়ে চৈধ্যটা দিনৰ অন্তত যেনিবা GMCHঅৰ পৰা ক'ৰুণা নিগেটিভ হৈ বাইদেউ-ভিনদেউ ঘৰমুৱা হ'ল । ঘৰলৈ আহি আকৌ এসপ্তাহৰ কাৰণে হোম কোৱাৰাণ্টাইন ; অৰ্থাৎ ক'ৰুণাৰ নামতে এনেকৈয়ে এমাহ পাৰ হৈ গ'ল বিনা চিকিৎসাৰে ভিনদেউ । 

        এমাহৰ পাছত হিমে দেউতাকক NECHলৈ । ডাক্তৰে ভিনদেউক চাইয়েই তিনিটা কেম' prescribe কৰিলে । এটা কেম'তে খৰছৰ পৰিমাণ প্ৰায় ষাঠি হাজাৰ টকা । ভিনদেউক  লৈ সেইদিনাৰ বাবে ঘৰমুৱা হ'ল । ঘৰলৈ আহিয়েই হিমে সকলো কথাৰে উত্তৰ পোৱা মামীয়েকলৈ ফোন কৰিলে ।
:  হিম , কোৱা ?' 
: মামী , দেউতাক কেম' দিয়াব লাগিব । হস্পিটেলত তোমাৰ হেল্প লাগিব মামী ।
: এইয়া তুমি কি কৈছা হিম ; ভিনদেউৰ কিবা কামত আহিব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা । কেতিয়া যাব লাগিব ক'বা মাথোঁ ।
: হ'ব মামী ; ফোন কৰিম ।
: হিম টকাৰ যোগাৰ হ'লনে ?
: ওম এতিয়ালৈ কৰিছোঁ দিয়া মামী ।

           পিছদিনা ৭মান বজাত    সেউতীৰ মোবাইলৰ স্কীণত হিমৰ কলিং ...
: অ' হিম কোৱা ?
: মামী , ১০মান বজাত আজৰি হৈ থাকিবা ; হস্পিটেল যাব লাগিব ।
: হ'ব হিম ; ঘৰৰ পৰা ওলাই আঁহোতে এবাৰ ফোন কৰিবা ।
: অ'কে মামী ।

         সেউতীয়ে ঘৰৰ কাম আজৰি কৰি ৰেডি হ'ল ভিনিহিয়েকৰ সাৰথি হ'বলৈ । হিম , ধনজিৎৰ লগতে সেউতীও সাক্ষী হৈ ৰ'ল মোহন শইকীয়াৰ জীৱনৰ এক অনাকাঙ্খিত অধ্যায় ; যিটো জীয়াই থকা কালত কোনেও কাহানিও কল্পনা নকৰে । যথাসময়ত গন্তব্যস্হান পোৱাত ডাক্তৰে ভিন্দউৰ প্ৰচেছ আৰম্ভ কৰুৱালে । সেউতী যেন ভিনদেউয়েকৰ কাষতে ছাঁটোৰ দৰে লাগি থাকিল ; সময়ে সময়ে চাহ, পানী,কফি,বিস্কুট আদিৰ যোগাৰ দি থাকিল । কেম'ৰ প্ৰ'ছেজ দীঘলীয়া হেতুকে আৰু মামীয়েক আছে গতিকে হিমে ঘৰলৈ যাব বিচাৰিলে । কেম' শেষ হোৱালৈ নিশা প্ৰায় ১১মান বাজিব । গতিকে হিমে সন্ধিয়া ৭মান বজাত হস্পিটেল গৈ মামীয়েকক নমান বজাত ধনজিৎৰ  স'তে ঘৰলৈ পঠিয়াই দিলে । এনেকৈয়ে দিন বাগৰি বাগৰি তিনিটা কেম' সম্পূৰ্ণ কৰােৱা  হ'ল । কেম'কেইটা লোৱাৰ কেইদিনমান পাছৰে পৰা ভিন্দউৰ শৰীৰলৈ কিছু উন্নতি আহিল । লাহে লাহে অলপ খাব পৰা হ'ল । এনেকৈয়ে সময় উকলি ছমাহমান গ'ল ।তাৰপাছত এবাৰ চেকআপলৈ নিয়াত ডাক্তৰে আকৌ টেষ্ট কৰোৱাবলৈ দিলে আৰু ৰিপোৰ্ট চাই তেঁওলোকে ৰেডিয়েশ্বন দিয়াৰ মন্তব্য দিলে । এইবাৰ আকৌ দহটা ।
ভিনদেউ মানুহজন লাহে লাহে দুৰ্বল হৈ আহিবলৈ ল'লে । খোৱাৰ পৰিমাণবোৰ কমি আহিবলৈ ধৰিলে ।

        ঘৰখনলৈ টকা-পইছাৰো নাটনি হৈ আহিবলৈ ল'লে । বাইদেউৰ পেনচনৰ টকা কেইটাৰেনো কিমান কি কৰিব ? ল'ৰাহঁতে যিকোনো প্ৰকাৰে দেউতাকৰ চিকিৎসা কৰোৱাব । উপায়ন্তৰ হৈ বাইদেৱে সূতত পইছা লৈ ভিন্দউৰ চিকিৎসা আগবঢ়াই লৈ গ'ল । ইপিনে ক'ৰুণা কিছু সংক্ৰমন হোৱাত ডাঙৰ ল'ৰা পৰিয়ালসহ ঘৰ পালেহি । মোহন শইকীয়াৰ ঘৰখন এতিয়া ল'ৰা-বোৱাৰী-নাতিৰে পৰিপূৰ্ণ ঘৰ । মানুহক নিস্বাৰ্থতাৰে ভালপোৱা মানুহজনক সহায় কৰিবলৈ এতিয়া মানুহৰ অভাৱ । টকা-পইচা দূৰৰে কথা ; ভিনদেউৰ খবৰ এটা ল'বলৈকো  যেন কাৰোৰে সময় নাই ! সকলো বোৰ যেন নিজৰ কামতে ব্যস্ত । ল'ৰাহতে জমা-জাৰি য'ত' আছিল শেষ কৰি ধাৰ-ঋণ লৈ হ'লেও ৰেডিয়েশ্বন দহটা সমাপ্ত  কৰোৱালে । সেইকেইটা লৈ ভিনদেউৰ গা যেন বেছিকৈ পৰিহে গ'ল । মুখৰ ৰুচি নোহোৱা হৈ একো খাব নোৱাৰা হ'ল ; পেটত ভোক লাগি থকা বাবে মৰমীয়াল মানুহজন খিংখিঙিয়া হ'ল । প্ৰতিটো কথাতে খং উঠা হ'ল । এনে লাগিল যেন সময়েও গতি সলালে ।
 
         ৰেডিয়েশ্বন লোৱাৰ কেইদিনমান পাছত চেক আপ কৰোৱাবলৈ লৈ যোৱাত এইবাৰ পৰীক্ষাত গম পালে যে ভিনদেউৱে  খোৱা আহাৰবোৰ পাকস্হলীলৈ  নগৈ হাঁওফাঁওত জমা হয়গৈ ; আৰু এনেকৈ হৈ থাকিলে ইনফেকশ্বন হৈ বেলেগ ৰূপ ল'ব পাৰে  । ডাক্তৰৰ পৰামৰ্শ এয়ে যে অতি সোনকালে খাদ্যনলীৰ কাষেৰে সৰু ষ্টিক এডাল লগাব...যিডালেৰে খাদ্য গৈ পাকস্হলী পাবগৈ । কাৰণ ভিন্দউৰ বেমাৰটোৱে খাদ্যনলী বন্ধ কৰি পেলাইছে । খৰছৰ মাত্ৰাৰ কথা সোধাত উত্তৰ আহিল প্ৰায় ষাঠি হাজাৰ টকা । ল'ৰাহঁতৰ মূৰত যেন ব্ৰজপাতহে পৰিল । কি কৰিব কি নকৰিব একোহৰে উৱাদিহ নাপালে ।

         ঘৰলৈ উভতি আহি পোন্ধৰ দিন মানৰ পাছত পইচাখিনি কিবাকে যোগাৰ কৰি ভিনদেউক অপাৰেচনৰ কাৰণে ৰেডি কৰোৱালে । হস্পিটেলৰ পৰা পাঁচদিনৰ মূৰত ডিঙিত এডাল লোহাৰৰ খাদ্যনলী লগোৱাই ঘৰলৈ আহিল । এতিয়াহে ভিন্দউৱে যমৰ যাতনা ভুগিবলগীয়া পৰিল । সাধাৰণ মানুহৰ নিচিনা থাকিব নোৱাৰাত ডিঙিটোত কষ্ট অনুভৱ বেছিকৈয়া কৰিলে । কাঁহটোৰো পৰিমাণ বাঢ়ি আহিবলৈ ধৰিলে । আহাৰৰ গোটা দানা এটাও পেটলৈ নোযোৱা হ'ল । গৰমে গৰমে ধোঁৱা ওলাই থকা চাহ খোৱা মানুহজনে সকলো মিলাই একাকাৰ কৰি গ্ৰাইণ্ডাৰত পনীয়া কৰি খাব লগীয়া হ'ল । সেউতীয়ে দুদিন ফোনত কথা নাপাতিলে খং কৰা মানুহজনে ফোনত কথা পাতিব নোৱাৰা হ'ল । দুচামুচ খোৱা দিলেও খাব নোৱাৰা হ'ল ; কাঁহটো বেছি হৈ ভিনদেউৰ মাতটোও লাহে লাহে কমি আহিল । ভিনদেউক যেন সকলো আনুসঙ্গীকতাই দেখা দিলে । 

        সিংহৰ নিচিনাকৈ দপদপাই ঘুৰি ফুৰা মানুহজন আজি শৰ্য্যাগত ; শক্তিহীন শৰীৰ এটা লৈ ভিনদেউ এতিয়া নৰীয়াপাটিত । কোন সময়ত কি হয় একো ঠিকনা নাই । ক'ৰুণাৰূপী মৃত্যুদূতটোৰ বাবেই আজি ভিনদেউৱে অনাকাঙ্খিত মৃত্যুৰ ক্ষণ গণিছে ; কাৰণ কেনচাৰ এটা এনেকুৱা দুৰাৰোগ্য বেমাৰ যিটো বেমাৰৰ চিকিৎসা তৎক্ষণাত ন'ললে পলকতে সৰ্ব শৰীৰ বিয়পি পৰে । আৰু  ক'ৰুণা কালৰ নিয়ম মানি মানি চিকিৎসা কৰোৱালৈকে ভিনদেউৰ সৰ্বশৰীৰ  আকাশীলতাৰ দৰে মেৰিয়াই ল'লে । য'ত ভিনদেউ সোমাই গৈ ওলাই অহাৰ বাটেই নেদেখিলে । 

         পুৱা সাতমান বাজিছে ; ৰাতিপুৱাৰ কামখিনি কৰি সেউতীয়ে গা ধুই গোঁসাই চাকি দি আহিছে মাথোন । সেউতীৰ ফোনটো বাজি উঠিল...স্ক্ৰীণত হিম ;
: কোৱা হিম ?
: মামী আহিবলৈ সাজু হোৱা ; দেউতা আৰু হয়তো নাই । ডাক্তৰে আহি পালচ চালেই সঠিক উত্তৰ পাম ।
: এইয়া তুমি কি কৈছা হিম ? এইয়া হ'ব নোৱাৰে হিম ...এইয়া কেতিয়াও হ'ব নোৱাৰে । গোঁসাই ইমান নিষ্ঠুৰ হ'ব নোৱাৰে ।
  
       তাই ফোনটো বিচনাতে দলিয়াই ...শুনিছা, শুনিছা (স্বামী পৱনক উদ্দ্যশি) 
: কি হ'ল ...সেউতী ?
: শুনিছা....উচুপি উচুপি...ভিনদেউ আৰু নাই জানা ।
: তই এইয়া কি কৈছ সেউতী । এইয়া হ'ব নোৱাৰে বুলি পৱনে চিঁঞৰি চিঁঞৰি কান্দিবলৈ ল'লে । 
      
         নাকান্দিবনো কিয় ? সৰুতে পৱনৰ দেউতাক ঢুকোৱাৰ পাছত ডাঙৰ ভিনিহিয়েকেই সিঁহতৰ ঘৰখনৰ প্ৰতিটো দায়িত্বই বহন কৰিছিল । সেই হিচাবে পৱনে দেউতাক জ্ঞান কৰিছিল ভিনদেউয়েকক ; আৰু আজি .... ?
         পৱন আৰু সেউতীয়ে ততাতৈয়াকৈ গাড়ীত উঠি বাইদেউৰ ঘৰলৈ ৰাওনা হ'ল । ওৰেটো বাট কান্দি কান্দি সেউতীৰ গোঁসাইলে প্ৰশ্ন ....এইয়া কি কৰিলা প্ৰভু ? বিয়াৰ পাছৰ সকলোতকৈ আপোন মানুহ দুজনক মোৰ কাষৰ পৰা কাঢ়ি নিলা ...কিয় ? প্ৰভু কিয় ? মোৰ মা জনী যাক মই সকলোতকৈ বেছিকে ভাল পাইছিলোঁ তেঁওৰ  মৃ্ত্যুৰ দুখটো বুকুৰ পৰা আঁতৰি যোৱাই নাই আকৌ ভিনদেউক.... কিয় ? মোৰ ক্ষেত্ৰতে কিয়া প্ৰভু ? তাইৰ আজি মূৰৰ ওপৰৰ পৰা যেন আকাশখন উকা হৈ পৰিল । তাই যেন আজি অভিভাৱক বিহীন হৈ পৰিল । তাইৰ দুয়োখন হাতেই যেন খুলকি পৰিল । সেউতীয়ে মাক আৰু ভিনদেউয়েকৰ কথা ভাবি ভাবি কেতিয়া বায়েকহঁতৰ পদূলি পালেগৈ গমকে নাপালে ।  তাইৰ ডাঙৰ বায়েকজনীও যে আজি্ৰ পৰা বেলিবিহীন হৈ পৰিল । সেই শোকে তাইক দহিবলৈ ধৰিলে ।

            পদূলিৰ পৰা দৌৰি গৈ ভিনদেউয়েকৰ মৃত শৰীৰটোৰ ওপৰতে ঢলি পৰিল । সেউতীৰ কান্দোনৰ ৰোলত আকাশ-বতাহো যেন উচুপি উঠিল । এপলকৰ বাবে যেন পৰিবেশটোত উচুপনিৰ ঢৌৰে গুঞ্জৰিত হ'ল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)