জগতৰ পতি: মহাদেৱ-চিন্ময় ডেকা

©Admin
0
হৰ হৰ মহাদেৱ
শিৱ জঁটাধাৰী 
হিন্দু শাস্ত্ৰৰ ত্ৰিনয়ন,
অন্য এক নাম বিভূতিভূষণ।
দৈৱক্রমে তৃতীয় চাক্ষুষ দৃষ্টিৰে
ৰতি দেৱীৰ স্বামী 
কামদেৱক ভষ্ম কৰি,
দৈৱসত্বাত যাৰ নাম চন্দ্ৰশেখৰ।
বিশ্বব্ৰহ্মাণ্ডত সৰ্বত্ৰে চিৰপৰিচিত 
শিৱৰ বাহন এটা ষাঁড় গৰু
সকলোৱে জ্ঞাত 
দেৱতাক সন্তুষ্টি,
ৰক্ষাৰ্থে অধিষ্ঠান আছিল।
হিমালয়ৰ কৈলাস শীৰ্ষৰত গিৰি মনোহৰ
হৰ হৰ মহাদেৱ 
ভাং খাই ভাঙুৰা শিৱ ত্ৰিশূল ধাৰী
দুৰ্গতি নাশিনী যাৰ নাম হ'ল নন্দী 
জঁটাধাৰী শিৱৰ ৰূপ তাণ্ডৱ মহাযোগী
কিংবদন্তি ৰূপত,
স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু আছে পদ্ম পুৰাণ
অনাদি অনন্ত মহা শিৱৰাত্ৰিৰ আছে বিষদভাৱে বিৱৰণ।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)