তথাপি তোমাৰ প্ৰেমত পৰিমেই পৰিম।
যদিওবা তুমি নিষিদ্ধ কৰা,
তোমাৰ হৃদয়ৰ দলিচাত মোক
তথাপিও মুক্ত কণ্ঠেৰে প্ৰতিবাদ কৰিম
তোমাৰ হৃদয়ৰ দুৱাৰ দলিত।
চাৰিআলিৰ ট্ৰেফীক পইণ্টত উঠি
উদাক্ত কণ্ঠৰে চিঞৰিম
হিমাংশু প্ৰসাদৰ কবিতাৰে " ঐ ছোৱালী ভাল
পাই চাবা নেকি ? এবাৰ "
দেৱকান্ত বৰুৱাৰ কবিতাৰ শাৰীৰে
তোমাৰ দৈহিক বৰ্ণনা দিম ।
"চকুত তোমাৰ সপোনৰ মায়া
মুখত জোনৰ বিমল ছাঁ।"
নৱকান্ত বৰুৱাৰ কবিতাৰ শাৰীৰে
তোমাক সুঁৱৰিম "মনত পৰেনে , অৰুন্ধতী" বুলি।
🔳প্ৰাণজিৎ কোছ
ডুমডুমা ,শোণিতপুৰ (অসম)