সপোনৰ পম খেদি-খেদি
আজি যে পথভ্ৰষ্ট এই মন ।
আকাশৰ পৰিধি ভাঙি উৰিছোঁ মই,
তথাপিও যে শূণ্যতায়ে মোৰ আপোন।
সাগৰৰ বিশালতাতে বিলীন মই ,
তথাপিও আজি তৃষ্ণাতে আতুৰ এই মন।
ক'ত পাম মই বিনিময়ৰ মেলাখন ?
এবুকু ভালপোৱাৰ বিনিময়ত এমুঠি সহানুভূতি লাগে সঁচা হৃদয়ৰ ।
আজি যে বৰকৈ ভাগৰুৱা এই মন ...
মোক অলপ ঠাই লাগে জিৰাবৰ বাবে....
মোক আঁকোৱালি লোৱা আই ..
টোপনি যাম তোমাৰ কোলাতে,
তোমাৰ পৰশতে আঁতৰিব মোৰ সকলো ভাগৰ।
▪️বন্দিতা বৰা, যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ