এক অনুভূতি | মোন আলী

Rinku Rajowar
0
বয়সৰ দুৱাৰদলিত এনেকুৱা পৰিস্থিতি হৈছিল
য'ত  শৈশৱ মোৰ পৰা বিচ্ছেদ হৈ গৈছিল,
শৈশৱৰ অনুভূতি নাছিল
 কিন্তু শ্ৰীবৃদ্ধি হোৱাৰ অনুভৱ কিছু কিছু হৈছিল,
প্ৰথমৰ দৰে মুকলিভাৱে খেলিব পৰা নাই
ল'ৰালিৰ  দৰে  হাঁহিবও পৰা নাই,
যেন এক অশান্ত মন।
ঘৰত অকলশৰীয়া কৈ থাকিব পৰা নাছিলোঁ
আশাবোৰ ল'ৰালি হৈ থকা নাই,
এক সুমধুৰ সপোনৰ দৰে
সেই নিভীৰ্কতাৰ শৈশৱ আতঁৰি গৈছে।
শ্ৰীবৃদ্ধি হোৱাৰ লক্ষণে আৱৰি ধৰিছে
 ভিতৰি ভিতৰি মনটোৱে বাহিৰৰ ,
পৃথিৱীখন  ন কৈ চাবলৈ শিকাইছে।
এই নতুন অনুভৱে মনক সলনি কৰি দিছে
মুক্ত পখী দৰে বন্দী হৈ যাব লগা হৈছে,
বাস্তৱিকতা চোৱা সময় আহি পৰিছে।
বয়সৰ দুৱাৰদলিত এনেকুৱা পৰিস্থিতি হৈছিল
য'ত শৈশৱৰ  অনুভূতি মোৰ পৰা বিচ্ছেদ হৈ গৈছিল।।

                              
✍️মোন আলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)