ফাগুন:এক অনুভৱ | সুশান্ত দাস

Rinku Rajowar
0
প্ৰকৃতিত আহিছে পৰিৱৰ্তন
বাজিছে নানান গীতৰ সুৰ,
জুৰ মলয়াই দিলেহি বতৰা
নামিলে ফাগুন নপৰে ওৰ।।

বলিব ধৰিছে বিভিন্ন বতাহ
সৰিব ধৰিছে পাত,
শীতল বতাহজাক আকৌ বলিছে
বায়ুৰ সুমিষ্টতা আনিছে ঘূৰাই।।

ফাগুনৰ সেই সৰাপাতে
দি যায় অনেক অনুভূতি,
মদাৰৰ ৰঙা ৰঙৰ সুবাসে
মনক দিয়ে প্ৰশস্তি।।

ফাগুনৰ লগত ইষ্টান্তিকতা
মোৰ বহু দিনৰে,
ফাগুনৰ ধুলিৰে ধূসৰিত বায়ু
যিয়ে ঈক্ষিকাত ঈষীকা তোলে।।

ফুলিব ধৰিছে মদাৰ,পলাশ
আনিছে ৰঙাৰ সম্ভাৰ,
ৰঙাৰ প্ৰেয়সী ফাগুন নামিছে
কৰিব আনন্দ বিস্তাৰ।।

আবিৰৰ উৎসৱ আহিছে ফাকুৱা
আনিব ফাগুনে সামৰি,
প্ৰকৃতিৰ এই বিৰল ৰূপক
সকলোৱে লোৱা আদৰি।।

ফাগুনৰ সেই হালধীয়া পাতে
প্ৰাচীনতাক উজ্জ্বলিত কৰে,
সেই প্ৰাচীনতাক জোঁকাৰি আকৌ 
নতুনত্বৰ ধাৰণা দিয়ে।।

অভ্যুদয়ৰ নতুন পুৱাত
ফাগুনৰ মলয়া জাকে,
চঞ্চল মনৰ অষ্ফুট ধাৰণাক 
প্ৰবল প্ৰেৰণা দিয়ে।।

ফাগুন মানেই আনন্দৰ উৎসৱ
ফাগুন মানেই প্ৰেম,
ফাগুন মানেই পছোৱা বতাহ
ফাগুন মানেই উদ্ৰেক।।

ফাগুন মোৰ বাবে সদায় বিশেষ
অন্তহীন আনন্দৰ সঞ্চাৰ,
ফাগুন এক সাৱলীল অনুভৱ
স্মৃতিৰ প্ৰবল প্ৰকাশ।।


◾সুশান্ত দাস, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)