অসমৰ লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসৰ প্ৰভাৱ অতি বেছি । মানুহৰ জীৱনৰ সবাতোকৈ ডাঙৰ ঘটনা হ'লঃ জন্ম, মৃত্যু আৰু বিবাহ। এই তিনিওটা ঘটনাক কেন্দ্ৰ কৰি মানুহৰ অলেখ লোক বিশ্বাস সৃষ্টি হৈছে । সন্তান জন্ম হ'লে মাছ দান দি সদ্যজাত শিশুৰ প্রজনন ক্ষমতা আহৰণ কামনা কৰা হয় । সেইদৰে তেনে সমাজত এজন মানুহ হানি হোৱাটো দুঃসহ বেদনাৰ কাৰণ হৈ উঠিছিল। মৃত্যু হলেও মৃত্যুকে অশৰীৰি ৰূপত থাকি পৰিয়ালবৰ্গলৈ চাইছিল আৰু কোনো আধিভৌতিক উপায়েৰে সহায় কৰিছিল বুলি ধাৰনা কৰিছিল। সেয়েহে মৃতকৰ প্ৰতি খাদ্য-সম্ভাৰ যাচি সকাম-নিকাম কৰা হয় । সম্ভৱতঃ জাতিস্মৰ ব্যক্তি বা দেওধনিৰ সময়ত দেওলম্ভা ধাৰণাৰণৰাই মৃতকৰ আত্মা কোনো এক ৰহস্যময় জগতত সজীৱ হৈ থকাৰ বিশ্বাস প্রতীয়মান হয় । সেয়েহে কোনো কোনো ঠাইত তিনিদিনৰ দিনা মৰিশালি ভেঁটি থৈ অহাৰ পিছত কাচি বা কটাৰীৰে এটা কণী কটা হয়,যাতে কনীটোৰ জীৱটো লৈ মৃতকে পুনৰ জীবন লাভ কৰে । মৰিশালিত এটা তামোল পুলি আৰু এটা কলপুলি পুতি ইয়াকে কামনা কৰা হয় , মৃতকে যেন তাৰেই সন্তুষ্ট হয় ।
বিবাহৰ ক্ষেত্ৰত উৰ্ব্বৰা-ধাৰণাৰ প্ৰভাৱ অতি বেছি,অসমৰ মঙ্গোলীয় তথা অষ্ট্ৰিক সংস্কৃতিসম্পন্ন সমাজত তিৰোতাৰ মূল্য অধিক। ঘাইকৈ তিৰোতাৰ প্রজনন শক্তি আছে আৰু পোনপটীয়াকৈ বংশ বৃদ্ধিত সহায়ত কৰে।তদুপৰি তিৰোতা কৃষি কর্মৰ সহকৰ্মী।সেয়েহে ছোৱালী জন্ম হ'লে একালত লক্ষ্মীৰ আগমন বুলি বিশ্বাস কৰিছিল। ছোৱালীৰ প্রথম ঋতু-স্নান হলেই যেন গছ-লতাত ফুল ফুলে । শইচ কৃষকৰ আশা পূৰনৰ অৰ্থে আগবাঢ়ে।সেই বাবে নোৱাই তোলনীৰ সময়ত যিবোৰ আচাৰ অনুষ্ঠান পতা হয় সকলোতে উৰ্ব্বৰা বিশ্বাস বৰ্তমান। বহুতো ঠাইত ছোৱালীজনীক বিয়াৰ দৰেই নোৱাই ধুৱাই ভৱিষ্যত দাম্পত্য-জীৱনৰ অৰ্থে সজাগ কৰি দিয়া হয়।বেইৰপৰা গা-ধুৱাই উলিয়াই অনাৰ সময়ত এটা গুটিলগা কলৰ আগলি পাতত প্ৰথম খোজটো দিয়াটো প্রতীকধর্মী, বিয়া অনুষ্ঠানটোৱেই উৰ্ব্বৰা বিশ্বাসৰেই প্ৰতীক ।
মানুহৰ জন্ম মৃত্যু বিবাহৰ উপৰিও কৃষিৰ লগত বহুতো উৰ্ব্বৰা ধাৰনা জড়িত হৈ আছে । শস্যৰ জন্ম, বৃদ্ধি আৰু ফল আহৰনৰ বাবে কেতবোৰ অনুষ্ঠান বা ৰীতি-নীতিৰ আয়োজন কৰিছিল। একালৰ নৰমুক্ত চিকাৰ ধাৰণাও উৰ্ব্বৰা বিশ্বাসৰে পৰিনতি । আন ফৈদৰ বা শত্রুক হত্যা কৰি মূৰটো কাটি আনিলে জীৱটো লগতে আহি নিজৰ ফৈদৰ জনসংখ্যা বৃদ্ধি, কৰিব আৰু তেজ মাটিত পৰিলে পৃথিৱীৰ উৰ্ব্বৰা শক্তি বৃদ্ধি পাব, এনেকৈয়ে ভাৱিছিল। কুকুৰ- গাহৰি কাটি শস্য সিঁচাৰ উদাহৰণো আছে । অসমীয়া মানুহে ভুঁই ৰুবৰ সময়ত গোছ লওঁতে খুলীয়া তামোল, তৰাগছ, কচু গছ, মধুৰিৰ গুটিলগা ডাল, শিলগুটি আদি দিয়ে । ইয়াৰ দ্বাৰা এৰা কচুৰ দৰে গজিল বাঢ়িবলৈ আৰু হেলচ মধুৰিৰদৰে গুটি হৈ থোক ধৰাৰ কামনা কৰে।
বিহু উৎসৱৰ সকলো অনুষ্ঠানেই উৰ্ব্বৰা ধাৰনাৰ ভেঁটিত প্ৰতিষ্ঠিত,কাতিবিহুৰ দিনা যেতিয়া ধানৰ গেৰেলি মেলে,সেইদিনা পথাৰত এগছি চাকি দি লখিমীক অৰ্থাৎ সৃজনীশক্তিক প্ৰণিপাত জনায়। বহাগ বিহুৰ এমাহৰ আগৰেপৰা ৰাতি বিহু অনুষ্ঠিত হয়।যেতিয়া পথাৰত আহু বাও ধান লহপহকৈ বাঢ়ি আহে ,তেতিয়া মৌনধর্মী গীত গাই, নাচিলে পৃথিৱীৰ উত্তেজনা আৰু উৎপাদিকা শক্তি বৃদ্ধি পায়,বিহুতলী পতা হৈছিল বড়,আঁহত কিম্বা জৰি গছৰ তলত। কেতিয়াবা জামুক আৰু আমৰ তলতো বিহুতলী পাতিছিল। বড় আঁহত আদি গছৰ মূল গুটিটো চুলিডালৰ গুৰিটোৰ সমান কিন্ত তাৰেই বুকুত বিশাল গছজোপাৰ সৃজনীশক্তি সুপ্ত হৈ থাকে।সেইবাবে বড়গছৰ গুৰি বিহুতলীৰ অৰ্থে বাছি লোৱাৰ উৰ্ব্বৰা বিশ্বাসৰেই পৰিনতি।
আসমীয়া সংস্কৃতি আৰু লোকবিশ্বাসত উৰ্ব্বৰা ধাৰনাৰ অস্তিত্ব সঘনাই অনুভৱ কৰা হয়। ই এটি ব্যাপক অধ্যয়নৰ বিষয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ