প্ৰেম পত্ৰৰে হয়তো প্ৰেম বিনিময় কৰিব নোৱাৰিলোঁ মই,
কিন্তু!!
জীৱনৰ শেষান্তৰৰলৈকে এসাগৰ ভালপোৱা তোমালৈ।।
হেঁপাহে পাৰ নেদেখা মৰমৰ আকলুৱা হৃদয়ত
থোতা-মোজা লাগিল হঠাৎ,
মৰুভূমিৰ বালিছন্দাৰ ধূসৰ পথত ধূলি হৈ উৰিব ধৰিলে মোৰ যেন উৰণীয়া সপোনবোৰ,
অশ্ৰুঘাটত থমকি ৰ'ল মাথোঁ
মোৰ ভগ্ন হৃদয়।।
✍🏻ডিম্পী বৰা,বোকাখাত