অভিভাৱকে বিয়াতকৈ নাৰী সৱলীকৰণত গুৰুত্ব দিয়া উচিত | মেঘালী বৰুৱা

Rinku Rajowar
0
সৃষ্টি কৰ্তাৰ এক বিশেষ সৃষ্টি হৈছে নাৰী।এই নাৰীক মাতৃ, ভগ্নী , পত্নী বিভিন্ন ৰূপে পাব পাৰি। এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছৰে পৰা  শৈশৱ, কৈশোৰ, যৌৱন পৰিয়ালৰ ছত্ৰছায়াত পাৰ হয়। তাৰ পিছত ক্ৰমাৎ বিভিন্ন সমস্যাৰ সৈতে মুখামুখি হৈ জীৱনত আগবাঢ়ি যাব লাগে। ছোৱালী এজনীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি, নিজেই  নিজৰ ভৰিত থিয় হ’বলৈ শিকোৱাটো প্ৰত্যেক অভিভাৱকৰেই কৰ্তব্য হ'ব লাগে। কিন্তু এইখিনি নহওঁতেই শিক্ষা জীৱন আধাতে সামৰি ভাল ল'ৰা এজন পালেই বিয়া দি নিজৰ দায়িত্ব সামৰে। বহুতো ছোৱালীয়ে পঢ়িব ইচ্ছা কৰে কিন্তু পিতৃ মাতৃৰ কথাও পেলাব নোৱাৰে শেষত বৈবাহিক জীৱনৰ মেৰপেচত সোমাই ওৰে জীৱন অশান্তিত কটাব লগীয়া হয়। কিছুমান অভিভাৱকৰ এটাই কথা যে ছোৱালী মানুহ বিয়া দিবই লাগিব গতিকে পঢ়িনো কি কৰিব, বয়স ৰৈ নাথাকে। সময় সুবিধা পালে পিছতো পঢ়িব পাৰিব। হয়তো তেওঁলোকে ভাবি নাচায় যে ছোৱালী আৰু বোৱাৰী জীৱনৰ পাৰ্থক্যখিনি। কাচিৎ দুই এখন ঘৰহে থাকে যিয়ে বোৱাৰীক সম্পূৰ্ণ ছোৱালীৰ দৰে যি মন যায় তাকে কৰিব দিয়ে। এইখিনি চিন্তা নকৰাৰ বাবে নিজে নিজৰ উপাৰ্জনৰ পথ উলিওৱাটো দূৰৰে কথা সাধাৰণ ঘৰুৱা কাম খিনিও নজনাকে বিয়া হৈ যাব লগা হয়।যাৰ ফলত পিছৰ পৰিণতি বৰ ভয়ানক হয়।  ছোৱালী এজনী জন্মিলেই বিয়াখনেই সৰ্বোচ্চ বুলি কেতিয়াও ভাবি ল'ব নালাগে। কেনেকৈ ল'ৰা এজনৰ লগত কৰ্মত পাৰ্থক্য বিচাৰি নোপোৱাকৈ ছোৱালী জনীকো স্বাৱলম্বী কৰি তুলিব পাৰি তাতহে  অধিক গুৰুত্ব দিব লাগে। পঢ়ি শুনি নিজে নিজৰ উপাৰ্জনৰ পথ উলিয়াই লৈ বিয়া হ’লেও বিয়াৰ বয়স পাৰ হৈ নাযায়। 
     বিকৃত মানসিকতাৰ মানুহে  আমাৰ সমাজখন লেতেৰা কৰে আৰু সেইবোৰ মানুহেই ছোৱালী এজনীক বা এখন ঘৰক বিয়াৰ কথা কৈ কৈ মানসিক ভাবে দুৰ্বল কৰি পেলায়। কিন্তু এইক্ষেত্ৰত অভিভাৱক সকলে আওকাণ কৰি সুন্দৰ ভৱিষ্যত এটাৰ পৰা ছোৱালী জনীক আঁতৰাই ধ্বংসমুখী পথলৈ ঠেলি দিব নালাগে। কিমান কষ্ট আৰু ত্যাগ হয় ছোৱালীৰ জীৱনটোত  তাৰ পিছতো আজিৰ নাৰীয়ে মন্ত্ৰী, বিষয়া আদিকে ধৰি বিভিন্ন সন্মানীয় পদ অলংকৃত কৰি আহিছে। এইটো নহয় যে উচ্চ শিক্ষিত হ’লেহে চাকৰি পায়। অৰ্ধ শিক্ষিত হৈয়ো বিভিন্ন দিশেৰে নাৰী স্বাৱলম্বী হ'ব পাৰে আৰু হৈছেও।গতিকে অভিভাৱকে আনৰ কথাত হয়ভৰ নিদি নিজৰ বিচাৰ বুদ্ধি আৰু চিন্তা শক্তিৰে কন্যা সন্তান এজনীক প্ৰথমে শিক্ষা তাৰ পিছত নিজৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত গুৰুত্ব দিয়া আৰু তৃতীয় পৰ্যায়ত বিয়াৰ কথা ভাবিলে অনাগত দিনবোৰত আনৰ মুখলৈ চাই দিন নিয়াব নালাগে।

◾মেঘালী বৰুৱা
হাজৰিকাপাৰা, দৰং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)