সমগ্ৰ ভাৰতবৰ্ষৰে দুৰ্বল অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত লক্ষ্য ৰাখি কেনে ধৰণৰ শিক্ষা ব্যৱস্থা প্ৰয়োজন,ইয়াক গভীৰ ভাৱে চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে।চাকৰিমুখী শিক্ষা ব্যৱস্থাৰে শিক্ষিত নিবনুৱা সকলৰ বাবে চাকৰিৰ বাহিৰে বিকল্প পথ নাই।বৰ্তমান চলি থকা কলা-বিজ্ঞান আৰু বাণিজ্যিক শিক্ষা ব্যৱস্থা আৰ্থ-সামাজিক জীৱনৰ লগত কেনেকুৱা ধৰণে খাপ খাইছে , এই বিষয়ে চিন্তা-চৰ্চা নকৰিলে শিক্ষাৰ যে প্ৰকৃত মূল্য নাথাকিব এইটো ধুৰূপ।হাজাৰ-হাজাৰ স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা হৈছে।শিক্ষাৰ ফলশ্ৰুতিত জীৱিকাৰ পথ এটাই হৈছে 'চাকৰি'।আৰু ইয়াৰ বাবেই শিক্ষিত নিবনুৱাৰ জনবিষ্ফোৰণে সমগ্ৰ ভাৰতবৰ্ষতে ডাঙৰ সমস্যাৰূপে দেখা দিছে।
১৯৮৯চনৰ পৰা বহুমুখী বিদ্যালয়সমূহত বৃত্তিমূলক শিক্ষা প্ৰৱৰ্তন কৰা হয়। আৰম্ভণিতে বৃত্তিমূলক বিভাগত মীন, অটম'বাইল, একাউণ্টেন্সি, টেইলৰিং,
বাণিজ্যিক আৰ্ট, পশু চিকিৎসা বিভাগ,কম্পিউটাৰ আদি বিভিন্ন বিভাগ সন্নিবিষ্ট কৰা হৈছিল।
কিন্তু, সাধাৰণ নাগৰিকেই হওঁক বা বহুতো শিক্ষিত লোকৰ অনীহাৰ বাবেই হওঁক, বিভাগ সমূহ মৃতপ্ৰায় হৈ পৰিল। তাতোকৈ আচৰিত কথা এই বিভাগত পাছ কৰাৰ পাছত ছাত্র-ছাত্ৰীয়ে আই. টি. আই বা পলিটেকনিকৰ দৰে প্ৰতিষ্ঠানত নামভৰ্তিৰ সুবিধা পোৱা নাই।
চীন আদি দেশে আমাৰ দেশৰ বিভিন্ন গহনাৰ আৰ্হিত গঢ়া গহনা, মোবাইল, ৰং বিৰঙৰ লাইট, আদিয়ে আমাৰ দেশৰ বজাৰ দখল কৰিছে।তাৰে শিক্ষাত হাতে-কামে শিকোৱা হয়।আমাৰ দেশৰ শিক্ষা ব্যৱস্থাই নিবনুৱাৰ সৃষ্টি কৰে।গতিকে,বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতি দৰকাৰী।
◾গকুল ডেকা
ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ