কুইন অফ কাট'ৱে -তৃতীয় খণ্ড | চুমিন্দ্ৰ চৌধুৰী

Aditi Tanti
0
( সকলোকে উদ্বুদ্ধ কৰিব পৰা এজনী দৰিদ্ৰ কিশোৰীৰ আত্ম কাহিনী )

বুডুৰ পৰা উভতি অহাৰ পাছতে প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই পত্নী চাৰাহক ফিয়োনাৰ পঢ়া-শুনাৰ দায়িত্ব অৰ্পণ কৰিছিল । কিন্ত দুৰ্ভাগ্যই যেন হেৰিয়েটৰ পৰিয়ালটোৰ পাছ এৰিব বিচৰা নাছিল। কেইদিন মানৰ পাছত মটৰ চাইকেলৰ দ্বাৰা দূৰ্ঘটনাগ্ৰস্ত হৈ ব্ৰায়ান হাস্পাতালত ভৰ্তি হোৱাৰ সময়তেই পৰিয়ালটো ভাৰা থকা ঘৰটোৰ মালিকনী জনীয়ে ভাৰা দিব নোৱাৰাৰ বাবে এমাডিমা ল'ৰা-ছোৱালী কেইটাৰ সৈতে হেৰিয়েটক খেদি পঠিয়াইছিল । তেতিয়া হেৰিয়েটে উপা‌য় বিহীন হৈ ল'ৰা-ছোৱালী কেইটাক লৈ কাট'ৱেৰ এটা পৰিত্যক্ত ভঙা গীৰ্জাঘৰত আশ্ৰয় লৈছিল। এই ঘটনাটোৰ পাছত ফিয়োনা আৰু ব্ৰায়ানে ডবা খেলৰ আখৰাৰ বাবে ক্রীড়া প্ৰকল্পটোলৈ যোৱা এক প্ৰকাৰৰ বাদেই দিছিল। প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই বিচাৰি বিচাৰি গৈ পৰিত্যক্ত গীৰ্জাঘৰত আশ্ৰয় লৈ থকা ফিয়োনাৰ কাষ চাপিছিল। এটোৰ পাছত সিটো অথন্তৰ ঘটাৰ পাছত ফিয়োনা হতাশগ্ৰস্ত হৈ ভাগি পৰিছিল আৰু পুনৰ ডবা খেল খেলিবলৈ অপৰাগ হৈছিল। বস্তিত জন্ম হোৱা ল'ৰা-ছোৱালীৰ কাৰণে এইবোৰ অলীক সপোন বুলি আক্ষেপ কৰিছিল । সেই দিনাখন প্ৰশিক্ষক ৰবাৰ্ট কাটেন্ডেই প্ৰথমবাৰৰ বাবে ফিয়োনাৰ আগত প্ৰকাশ কৰিছিল যে তেওঁ দৰাচলতে এজন বস্তি এলেকাত ডাঙৰ দীঘল হোৱা লোক । কন্যা কালতে অবৈধ ভাবে জন্ম হোৱা ৰবাৰ্ট মাতৃৰ অবিহনেই উগাণ্ডাৰ এটা বস্তি এলেকাত আইতাকৰ আশ্ৰয়ত ডাঙৰ-দীঘল হৈছিল । ৰবাৰ্টৰ আঠ বছৰ বয়সতে মাতৃৰ মৃত্যু হৈছিল। তাৰ কিছুবছৰ পাছতে আইতাকৰ মৃত্যুৰ পাছত অনাথ হৈ পৰা ৰবাৰ্টে সংগ্ৰাম কৰি জীয়াই থাকিবলৈ শিকি পেলাইছিল । প্ৰশিক্ষক ৰবাৰ্ট ফিয়োনাকো হাৰ নামানি জীৱনত সকলো সমস্যাৰ সন্মুখীন হৈ সংগ্ৰাম কৰি যাবলৈ উদ্বুদ্ধ কৰিছিল । ৰবাৰ্ট কাটেন্ডেৰ জীৱনৰ আঁৰত লুকাই থকা সংগ্ৰামৰ কাহিনীৰে অনুপ্ৰাণিত হৈ ফিয়োনাই পুনৰ ডবা খেলৰ আখৰাত মনোনিবেশ কৰিছিল।  
২০০৮ ৰ পৰা ২০০৯ চনৰ ভিতৰত ইতিমধ্যেই কেবাখনো টুৰ্ণামেণ্টত জিকি উগাণ্ডাৰ চেচ ফেডাৰেচনৰ বাবে ফিয়োনা এটা পৰিচিত নাম হৈ পৰিছিল। 
২০০৯ চনত ৰবাৰ্ট কাটেন্ডেৰ প্ৰচেষ্টাত অধ্যুষিত বস্তি এলেকাৰ পৰা ফিয়োনা, বেঞ্জামিন আৰু ইভানে চুডানত অনুস্থিত হোৱা আফ্ৰিকা মহাদেশৰ ইন্টাৰনেচনেল চিলড্ৰেনছ চেচ টুৰ্ণামেণ্টত উগাণ্ডাৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। সেই টুৰ্ণামেণ্ট খনে ফিয়োনাৰ জীৱন-গাঁথাৰ সোঁতেই সলনি কৰি দিছিল। কঠোৰ প্ৰয়াস আৰু অধ্যৱসায়ৰ বলত কাট'ৱেৰ তিনিজন চুডানৰ টুৰ্ণামেণ্টত জিকি আন্তৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খিতাপ লাভ কৰি উগাণ্ডালৈ উভতি আহিছিল । 
ফিয়োনা, বেঞ্জামিন আৰু ইভানৰ এই অভূতপূৰ্ব সাফল্যই সমগ্ৰ কাট'ৱেৰ লগতে কাম্পালা বাসীকো উৎফুল্লিত কৰিছিল।
উগাণ্ডাৰ টিভি চেনেলত দিয়া সাক্ষাৎকাৰৰ জৰিয়তেই সমগ্ৰ উগাণ্ডা বাসীৰ বাবে ফিয়োনা এজনী প্ৰসিদ্ধ ডবা খেলুৱৈ হিচাপ পৰিচিত হৈ পৰিছিল। 
চুডানৰ পৰা বিজয়ী হৈ অহাৰ পাছত ফিয়োনাৰ আচাৰ-ব্যৱহাৰ আৰু মনোভাৱৰ বহু পৰিবৰ্তন হৈছিল । চুডানৰ পঞ্চ তাৰকাযুক্ত হোটেলত আড়ম্বৰপূৰ্ণ দিন কটাই অহাৰ পাছত তাই কাট'ৱেৰ নিজৰ ভঙা চিঙা ঘৰটোৰ চাৰিবেৰৰ মাজত উকমুকনি অনুভৱ কৰিছিল। সেই উকমুকনি আৰু দৰিদ্ৰতাৰ পৰা ৰক্ষা পাবলৈ যিকোনো উপায়ে চেচ অলিম্পিয়াদ টুৰ্ণামেণ্টত জিকি পোৱা ধন লাভ কৰিবলৈ ফিয়োনা উন্মাদ হৈ পৰিছিল । ডবা খেলক বাদে আন কোনো কামতেই তাই মন বহুৱাব পৰা নাছিল । তাইৰ পৰিৱৰ্তিত মনোভাৱৰ কথা হেৰিয়েটৰ মুখৰ পৰা জানিব পাৰি প্ৰশিক্ষক কাটেন্ডেৱো চিন্তিত হৈ পৰিছিল। 
ইপিনে ৰাতি পঢ়িবলৈ মমবাতি কণো মাকে যোগাৰ কৰি দিব নোৱাৰাৰ বাবে ফিয়োনা হতাশ হৈ পৰিছিল। 
ফিয়োনাৰ পৰিৱৰ্তিত স্বভাৱৰ প্ৰতি লক্ষ্য কৰি ব্ৰায়ানে মাকক বুজাইছিল। ফিয়োনাৰ ভবিষ্যতৰ বাবে আমি সকলোৱেই যথা সম্ভৱ ত্যাগ কৰিব লাগিব। তাইৰ ভবিষ্যত বহুত উজ্জ্বল হ'ব । কণমানি ব্ৰায়ানৰ কথাত সন্মত হৈ সেইদিনাই হেৰিয়েটে নিজৰ সাঁচতীয়া কাপোৰ এযোৰ বিক্রী কৰি ব্ৰায়ান আৰু ফিয়োনাৰ আখৰাৰ বাবে মমৰ পেকট কিনি আনি দিছিল। 

অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত ২০১০ চনত ফিয়োনাই উগাণ্ডাৰ হৈ ৰাছিয়াত অনুস্থিত হোৱা ৩৯ তম আন্তঃৰাষ্ট্ৰীয় চেচ অলিম্পিয়াদত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিল । অত্যাধিক আত্ম বিশ্বাস আৰু দ্ৰুত সফলতাৰ বাবে অস্থিৰ হৈ পৰা ফিয়োনাই অলিম্পিয়াদ চেম্পিয়নশ্বিপ লাভ কৰিব নোৱাৰি হতাশ হৈ দেশলৈ উভতিছিল। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)