কিয় এনে হয় -হেমেন হাজৰিকা

Aditi Tanti
0
      বাধ্য নে
      ব্যৱহৃত ??

      যদি ব্যৱহৃত
      পৰ্দাৰ পিছত
     কোন ??

     কোনে নচুৱাইছে
     আস্থান সমূহত যে
    নেপূৰ বাজে
    শুকান মুখৰ
    অৰ্ধ উলঙ্গ মলিয়ন বস্ত্ৰৰ ।।

    বিনিময় এডোখৰ
   শুকান ৰুটী
   অথবা
   কৰ্কৰা ভাত
  পিছৰ দিনৰ প্ৰস্তুতি ।।

   বাধ্যৰ সূত্ৰ বেলেগ
   আঠাউনি নোপোৱা উৎস ।।

   ব্যৱহৃতৰ
   হাতৰ তলুৱা বাজে
   ৰঙীন পানীয়ৰ উত্তাল আড্ডা
   বিলাসী হাঁহিৰ
   আনৰ মূৰত কঠাল ভঙা
   উদ্দাম নৃত্য ।।


কবিৰ পৰিচয়ঃ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)