যিদিনা তোমাৰ আৰু মোৰ
নিৰৱিচ্ছিন্ন প্রেমৰ
সমাধি ঘটিব এই বিশ্বত
আৰু সেই দিনাই মই
প্ৰশান্ত মহাসাগৰৰ তলিত
তাজ মহল বনাম।
শ্বাহ জাহানৰ দৰে!
যাতায়তৰ বাবে সেই
ডুব যোৱা ধীৰ্ণ-শীৰ্ণ ম'মৰে
ধৰা মৃত টাইটানিক খনক
হাতুৰিৰে কোৱাই কোৱাই
জীয়াই গাভৰু কৰি তুলিম।
শেলাই বোৰে সাবতি ধৰা
জাহাজ খনৰ বেৰ বোৰ
তোমাৰ ওঠৰৰ ৰং ৰে
ৰঙা ৰং লেপি দিম।
সেই জাহাজ খনত
তুমি হ'বা সদায়
এজনী প্রথম শ্রেণীৰ যাত্রী।
আৰু মই হম দ্বিতীয় শ্ৰেণীৰ
এজন সাধাৰণ সুলভ যাত্রী।
যেদিন তোমাৰ আৰু মোৰ
প্রেমৰ সামাধি ঘটিব
এই নিষ্ঠুৰ পৃথিৱীত
আৰু সেই দিনাই
প্রশান্ত মহাসাগৰৰ তলিত
মই এখন প্ৰেমৰ চহৰ বনাম।
আৰু আমিদুয়ো
প্রেমিক হৈ চহৰ খনৰ
মজে মাজে বিচৰন কৰিম।
আমি দুয়ো কৰা নৈশ প্রেমত
সাগৰৰ ঠাণ্ডা পানী বোৰ
গৰম হৈ উতলিব ধৰিব।
✍️জয়ন্ত কলিতা।
তুলসীবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ