আজিৰে পৰা প্রায় চাৰে পাঁচশ বছৰৰ আগতে জন্ম হ’লেও শংকৰদেৱ আছিল এজন দূৰদর্শী , সমাজ হিতৈষী আৰু প্রকৃতার্থত আধুনিক মনৰ ব্যক্তি , আত্ম সহিষ্ণুতা পৰিচয় ভাৱ বহির্ভূত কৰি সমগ্ৰ জাতিটোৰ হকে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰি বিৰল ঐতিহ্যৰ বন্যা কঢ়িয়াই আনিছিল । শংকৰী সংস্কৃতিত পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশংকৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সকলো সম্প্ৰদায়কে সামৰি এটা ধৰ্ম আৰু এটা উমৈহতীয়া জাতীয় ভাষাৰে জাতীয় ঐক্য সাধন কৰি সৰ্বভাৰতীয় মহাজাতীয় চৈতন্যৰ লগত অসমৰ জাতীয় জীৱনৰ ঐক্যভাব স্থাপন কৰিছিল । তদুপৰি বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰৱৰ্তন কৰি অসমত ধৰ্ম , সমাজ , সাহিত্য , কলা আদি বিভিন্ন ক্ষেত্ৰত মহাপুৰুষে যি বহুমুখী দান দিলে তাৰ ফলত অসমত এক নতুন যুগৰ সূচনা হ'ল । এই যুগটোৱেই আমাৰ সাহিত্যত "শংকৰী যুগ" বুলি অভিহিত কৰা হ'ল। আমাৰ ধৰ্মজীৱন, সামাজিক জীৱন, সাহিত্য, সঙ্গীত, আদি সংস্কৃতিৰ ঘাই উপাদানবোৰৰ ওপৰত মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱ অপৰিসীম। এক শংকৰী সংস্কৃতিয়েই অসমীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ। উল্লেখ্য যে , শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ সহযোগত ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড খণ্ডটি ৰচনা কৰি ‘ৰামায়ণ’খন অসমীয়া ভাষাত সম্পূর্ণ কৰি তুলিছিল ৷ তেখেতে ‘কীর্তন’, ‘দশম’, ‘ভক্তি ৰত্নাৱলী’, ‘গুণমালা’ আদি কৰি কেইবাখনো ধর্মগ্রন্থৰ লগতে শতাধিক বৰগীতো ৰচনা কৰি অসমীয়া সাহিত্যৰ সংস্কৃতিৰ প্ৰতি বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱাই আনিছিল । কেৱল কাব্য সাহিত্যই নহয় , শংকৰদেৱে নাট , ভাওনা , চিত্র , গীত , বাদ্য-যন্ত্র আদি সকলোবোৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিৰ ভঁৰাল ওপচাই তুলিছিল ৷ নামঘৰৰ দৰে এক মহান সামাজিক , সাংস্কৃতিক তথা আধ্যাত্মিক অনুষ্ঠানৰ জন্ম দি সকলোকে একত্রিত হৈ ধর্ম তথা সংস্কৃতি চর্চা কৰাৰ এক নতুনত্বৰ সঞ্চাৰ , সুস্থ-সামাজিক পৰিৱেশ গঢ় দি তুলিছিল ।
মহাপুৰুষ শ্ৰীশংকৰদেৱে সকলো সম্প্ৰদায়কে সামৰি এটা বৃহত্তৰ ধৰ্ম আৰু এটা উমৈহতীয়া জাতীয় ভাষাৰে "বৈষ্ণৱ ধৰ্ম" জাতীয় ঐক্য সাধন কৰি সৰ্বভাৰতীয় মহাজাতীয় চৈতন্যৰ লগত অসমৰ জাতীয় জীৱনৰ ঐক্যভাৱ স্থাপন কৰি সকলোকে এক শৰণ নাম ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। জোনাকী যুগৰ কবি প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ভাষাৰে ক'ব পাৰি, “সাহিত্যৰ গুৰু শংকৰ , সাহিত্য ৰাজ্যৰ ৰজা শংকৰ , সমাজ শংকৰ , সমাজৰ নেতা শংকৰ।” মুঠৰ ওপৰত অসমৰ কলা-সংস্কৃতিৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম, সমাজ, সাহিত্য, সঙ্গীত আদি বিভিন্ন ক্ষেত্ৰত বহুমূলীয়া অৱদান দি আমাৰ জাতীয় জীৱনক বিশ্ব দৰবাৰলৈ আগুৱাই দি অসমীয়া জাতিৰ ভাষা সাহিত্য-সংস্কৃতিৰ অধিক উন্নত আৰু মহীয়ান কৰি তুলিছিল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ