ধাৰাবাহিক উপন্যাস আৰ্তনাদ খণ্ড নং ৭-বিটুমনি কোঁছ

Rinku Rajowar
0
নতুনকৈ আনি দিয়া স্কুলৰ  দেছ যোৰ পিন্ধিবলৈ দি  ছোৱালী জনীক মই নামটো ক'বলৈ বাৰে বাৰে শিকাব লগা হ'ল।কাৰণ তাইৰ নামটো মই বদলি কৰিছোঁ।

নমস্কাৰ মোৰ নাম নয়নমনি অৰুন্ধতী।তাই এইবাৰ সেপ ঢুকি ক'লে।

গুড  মোৰ ছোৱালীয়ে কালৈকো ভয় নকৰে, লাজ নকৰে।মনৰ উৎসাহত তাই দ্বীপ্ত হৈ পৰিল।কোনো দিন স্কুল নোযোৱা ছোৱালীজনীৰ মনৰ মাজত স্কুললৈ যাবলৈ এক দুৰ্বলতাৰ হেচি ৰাখিছিল।তাই যেন মনৰ কামনা পূৰ্ণ হ'ল।

মোৰ কাষে কাষে মোৰ ল'ৰা ছোৱালীহাল।নিজকে গৌৰৱ বোধ কৰিলোঁ।নিশ্চয় কিবা পূণ্য কাম কৰিছিলোঁ।ভগৱানে মোক ছোৱালী এজনী মাক হ'বলৈ দিলে।

মেডাম আপোনাৰ ছোৱালীৰ নাম কওঁক।ফৰ্মখন ভৰাই থকা স্কুলৰ প্ৰিন্সিপাল গৰাকী মাতত সচকিত হৈ পৰিলোঁ।

নমস্কাৰ মোৰ নাম নয়নমনি অৰুন্ধতী।
ইমান সুন্দৰকৈ তাই নামটো ক'লে।মোৰ মৰম লাগি গ'ল।দুয়োটাকেই সিহঁতৰ ক্লাছত থৈ মই মোৰ গন্তব্য স্থানলৈ ঢাপলি মেলিলোঁ।

 নতুন কিতাপখন পঢ়িবলৈ লৈ মোৰ ছোৱালীয়ে কান্দি আছে।

বাক  ডাঙৰ ল'ৰা ছোৱালীবোৰে আজি জুমি জুমি চাইছে মা।

আমাৰ ছোৱালী ধুনীয়া বাবে চাইছে।চাওঁ আজি কি পঢ়ালে।তাই মৌন হৈ থাকিল।

এইদৰেই কেইদিনমান যোৱাৰ পাছত তাই স্কুল নেযাবলৈ জেদ ধৰিলে।মানসিক ভাৱে ডাঙৰ ল'ৰা ছোৱালীবোৰে তাইক তাচ্ছি‍‍ল‍্য কৰে।ইমান ডাঙৰ হৈ নাছাৰিত পঢ়িছে।নামটো নয়নমনি অৰুন্ধতী ।কাষেৰে পাৰ হৈ যাওঁতে তাইক জোকাৰি যায়।

আকৌ এটা সমস্যা আহি পৰিল।তাইক অকলে ঘৰতেই এৰি মই মোৰ ল'ৰা আৰু মোৰ স্বামীয়ে নিজৰ নিজৰ গন্তব্য স্থানলৈ গতি কৰোঁ।

গেটখনত এটা প্ৰকাণ্ড তলা উলমি ৰ'ল।প্ৰকাণ্ড ঘৰটোত অকলশৰে ছোৱালীজনী এৰি অজান আশংকাত মই দিনবোৰ কটাবলৈ ধৰিলোঁ।

সেইদিনা গেছ স্তভত কুকাৰটো পাতিবলৈ লৈ মই অন্ধকাৰ দেখিছোঁ।মই ছোৱালীজনীক চিঞঁৰি মাতিলোঁ।কেইবাদিনো এই অসুবিধা বোৰে মোক অশান্তি দি আছে।মোৰ স্বামীয়ে তৎক্ষণাত ডাক্তৰৰ ওচৰলৈ  লৈ গ'ল।

মই দ্বিতীয়বাৰলৈ মা হ'বলৈ উলাইছোঁ।ডাক্তৰে দিয়া খবৰটোত মই সুখী হ'ব পৰা নাছিলোঁ।নতুনকৈ মোৰ গৰ্ভত স্থিতি লোৱা ভ্ৰূণটো নষ্ট কৰি পেলাবলৈ মই পৰামৰ্শ বিচাৰিলোঁ।মোৰ স্বামী মান্তি নহ'ল।মোৰ আৰু ল'ৰাৰ দায়িত্ব তেওঁ মূৰ পাতি ল'লে।মোক স্কুলত থৈ অহা লৈ অহা।সময়মতে ল'ৰাক স্কুলৰ পৰা আনি ঘৰত থোৱা।সকলো সুন্দৰ ভাৱে চলি গৈছিল।কিন্তু  মোৰ ছোৱালী মুখৰ হাঁহি নাইকিয়া হৈ গ'ল।তাই মৌনতাই মোক ভবাই তুলিলে।

সেইদিনা কিবা কাৰণত মই এটা ক্লাছ কৰি অকলে স্বামীক নোকোৱাকৈ ঘৰলৈ উভতি আহিছিলোঁ।গেটখনত তলাটো উলমি আছিল যদিও লক কৰা নাছিল।গেটখনৰ এটা ছাবি মোৰ হাতত আৰু আনটো ছাবি মোৰ স্বামীৰ হাতত থাকে।ল'ৰাৰ স্কুল চুটি দিব হোৱা নাই।তেওঁ বা কি প্ৰয়োজন থাকিব পাৰে ঘৰলৈ ঘূৰি অহা।মই সন্তপনে ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ।
এটা ভয়ংকৰ দৃশ্য চকুৰ আগত লৈ মই ৰৈ গ'লোঁ।দৰৰ্জাখনৰ আৰত ।

বিটুমনি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)