বহাগ বিহুক ৰঙালী বোলে। বসন্ত কালৰ আগমনত অসমৰ মূল বিহু উৎসৱ উদযাপন কৰা হয়। খেতি আৰম্ভ কৰাৰ আগে এই বিহু পালন কৰা হয়, খেতিৰ লগত ইয়াৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে।
বহাগ বিহু একেৰাহে সাত দিন পালন কৰা হয়। চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগ ৰ ৬ তাৰিখলৈ সাত দিন ধৰি চলি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে এক সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চ'তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, চেৰা বিহু আদিৰে সামৰা হয়।
প্রথম বিহুটিৰ নাম হৈছে গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও, বেঙেনা আদি খুৱায়। গাঁৱৰ আটাইবিলাক ৰাইজে সেইদিনা ওচৰৰ নদী, বিল আদি ঠাইলৈ নি সকলোৰে গৰু ধুৱাই আৰু তলৰ গীতটো গাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই-: দীঘলতীৰ দীঘল পাত
গৰু কোবাওঁ জাত-জাত
মাৰে সৰু বাপেৰে সৰু, তই হ'বি বৰ গৰু।।
লাও খা বেঙেনা খা
বছৰে-বছৰে বাঢ়ি যা।।
সেইদিনা মানুহেও মাহ, হালধি, আমৰ মল আদি সৰ্বৌষধিৰে গা ধোঁৱে। এইদৰে গা ধোলে অপায় - মংগল দূৰ হয় বুলি বিশ্বাস কৰা হয়। নামঘৰত নাম - কীৰ্তন কৰা হয়।গধূলি গৰুক নতুন পঘা দিয়ে আৰু গৰু গোহালিত সোমাৱাৰ আগতে ঢেঁকীয়া, আগাৰা, আদিৰে 'যাগ' দিয়া হয়।
দ্বিতীয় দিনা মানুহ বিহু। সেইদিনাও নামঘৰত সামূহিক ভাবে নাম-কীৰ্তন কৰা হয়। মানুহ বিহুৰ দিনা মানুহে বিহুৱান লয়। এই বিহুৱান খন নিজৰ লগতে পৰিয়ালৰ অন্যান্য অঙহী-বঙহী, মিটিৰ-কুটুম্ব আৰু মৰমৰ জনক দিয়া হয়। ই এক ধৰণৰ পৰম্পৰা। ৰঙালী বিহুত খোৱা-লোৱাতকৈ ৰং-ধেমালীৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ডেকা - গাভৰু সকলে বিহু উৎসৱ পাতি বিহুগীত বিহুনাচ হুচৰি আদি নানাৰকমৰ খেল-ধেমালীৰ ব্যৱস্থা কৰে আৰু মানুহৰ ঘৰে ঘৰে গৈ হুচৰি গাই গৃহস্থক আশীর্বাদ দিয়ে।
আগৰ দিনত চ'তৰ মাহৰ আৰম্ভনিৰ পৰাই ডেকা - গাভৰু মিলি ৰাতি বিহু পতাৰ পৰম্পৰা আছে। বৰ্তমান এই প্ৰথা নোহোৱা হ'ল। ৰাতি বিহু কেৱল ডেকা-গাভৰুৰ বিহু। এই ৰাতি বিহু শেষ হৈছিল গৰু বিহুৰ উৰুকাৰ দিনা।
জেং বিহু নৃত্য আৰু গীত কেৱল মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। ইয়াক গছৰ তলৰ বিহু বুলি কোৱা হয়।
বহাগ বিহু সম্পর্কত ভালেমান লোকবিশ্বাস আছে। চ'তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰ পৰাই সাতদিনীয়া বহাগ বিহু আৰম্ভ হয়। গৰু বিহুৰ দিনা ৰাতিপুৱাই গৰুক মাহ হালধি তেল সানি গা ধোঁওৱাৰ অন্তৰালত এক বিশ্বাস জড়িত আছে। গধূলি পদূলিৰ পৰা গোহালীলৈকে শুকান ধান, খেৰ, তুঁহ আদি জ্বলাই ধোৱাময় কৰা হয়। এই ধোৱাই গোহালীৰ মহ দাহ আতৰোৱাৰ উপৰিও অপদেৱতাক খেদি পঠিয়াই বুলি এক বিশ্বাস আছে। বিহুৰ দিনাখন গৰুক বিছনীৰ বিচ দিয়াৰ পিছতহে মানুহে বিচনীৰ বা লয়, এনে কৰিলে বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস আছে। অঞ্চল বিশেষে গৰু বিহু, মানুহ বিহু বা সাত বিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে। ইয়াকে সাথেকী বোলে৷ এশবিধ নহ'লেও সাত বিধ বা নবিধ হ'লেও হয়। বহাগ বিহুৰ সময়ত হুচৰি গোৱা আশীর্বাদ ল'লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে৷
বহাগ বিহু ৰং-ধেমালীৰ উৎসৱ। বিহু বলীয়া ডেকা গাভৰুৱে সেয়ে বহাগ বিহুত নানান খেল-ধেমালী কৰা দেখা যায়।
অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাত বিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক পাচলি অন্তর্ভুক্ত হৈছে। বিহুৰ প্রথম দিনা ঔষধি গুণসম্পন্ন শাক পাত খাই অসমীয়া মানুহে বছৰটো লৈ বল বান্ধে।
বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বিহুত অসমীয়া সমাজৰ স্বকীয় কলা কৃষ্টি সুন্দৰ ভাৱে মূর্ত্ত হৈ উঠে ই প্ৰেম, ভাতৃত্ববোধ, মৰম, চেনেহ, শান্তি আৰু একতাৰ প্ৰতীক। অসমীয়া সকলে ইয়াক লৈ গৌৰৱ কৰে।।
◾শ্ৰী ভাস্বতী কলিতা
ফোন- ৬৯০০৯৫৭২০৭
জিলা- দৰং (অসম)
শ্ৰেণী- একাদশ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ