হৃদয়ৰ এটি কোণত ঠেকা খাইছিল,
নিগৰি আহিছিল হৃদয়ৰ এটি নিস্তব্ধতা
মৌন ,নিমাত নিজান পৰত
য'ত নাছিল কোনো পোৱাৰ আশা
কোনো হেৰুৱাৰ বেদনা
মাথোঁ আছিল এটি
মনৰ মাজৰ কল্পনা
এটি কল্পনা ।
তুমি যেন এজাক মলয়া বতাহ
মোৰ নিঠৰুৱা হৃদয়ৰ
মোৰ ভাগৰুৱা মনৰ
ঢালি দিয়া তোমাৰ মনৰ
বৰষুণজাক মোৰ দেহত
বিলীন হ'ম দুয়ো কল্পনাৰ সিপাৰত
য'ত নিৰৱতা হ'ব শেষ ঠিকনা
তুমি যেন এজাক বৰষুণ
তুমি যেন এজাক মলয়া বতাহ ।
মোৰ মনৰ মোৰ প্ৰাণৰ মোৰ হৃদয়ৰ
স্পন্দন তুমি মাথোঁ তুমি
চিৰজীৱন ৰৈ থাকিম তুমি আহিবা
এজাক বৰষুণ লৈ ,এজাক ধুমুহা হৈ
মোৰ এই মৌন জীৱনত হেঁপাহ যোগাবলৈ ।