তাইক মিছাতেই ডাইনী সজালি-দ্বীপ দীপাংকৰ লাহন

0
তহঁতে এইবোৰ কি কৰিলি!
তহঁতে কিয় তাইক শেষ কৰি পেলালি?

তাই ডাইনী নাছিলে
মিছাতেই তাইক কিয় ডাইনী সজালি?

কি কৰিলি তহঁতে  এইয়া!

তাই বৰ আজলি আছিলে অ!

তাই লগতে তহঁতে তাইৰ গৰ্ভত থকা সন্তান তোকো শেষ কৰি পেলালি।

কাক মাতিম মই ভনী বুলি
কোনে আহি মাতিব মোক এবাৰ দাদা  বুলি?

তাইৰ ঠুনুকা সপোন বোৰ নিমিষতে জ্বলাই দিলি!
কাঢ়ি আনিলি তহঁতে তাইৰ প্ৰথম বাৰ মাতৃ হোৱাৰ হেজাৰ সুখ কণো!

সঁচাকৈ তহঁত বোৰ বৰ নিৰ্লজ্জ
তহঁত বোৰ সমাজৰ একো একোটা কলংক।

তহঁতি মিছাতেই তাইক ডাইনী সজালি!
জাপি দিলি কলংকিনী নামৰ মিছা অপবাদ।

সপোনৰ ঘৰ খনক লৈ তাই বুকুৰ কাৰেংত তাজমহল সাজিছিলে
সাজি নহওঁতেই তহঁতি থান-বান কৰি পেলালি।

নহয় তাই ডাইনী,নাছিলে তাই যখিনী।
মিছাতেই ৰাক্ষসিনী সজাই তহঁতে মোৰ
ভনীজনীক মাৰি পেলালি।

কিয় এনেকুৱা কৰিলি ঐ ভদ্ৰতাৰ মূখা পিন্ধা অভদ্ৰ সমাজ?

যা গৈ যা ভনী
সৌ দূৰ-দিগন্ত আকাশতে তই শান্তিৰে; 
তোৰ সপোনৰ তাজমহলটো সাজিবিগৈ যা।

এইখন সমাজে তোক জীয়াই থাকিবলৈ নিদিলে!
তোৰ সকলো সপোন শেষ কৰি পেলালে অ!!

✍🏻দ্বীপ দীপাংকৰ লাহন
      বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)