অশাশ্বত ক্ষণৰ সুখবোৰ সামৰি,
জীৱন বীণাৰ বেতাল তানত
নৃত্যৰতা মই আৰু সকলো প্রহৰী।।
অৱশ্যম্ভাৱী অদৃষ্টৰ লেখন
কেতিয়াও যেন নহয় খণ্ডন,
অশনিৰ পোহৰে ৰুদ্ধ কৰে
সুখৰ সন্ধানত মানৱী জীৱন।।
সুখ-দুখৰ অলেখ ভাৱনা
পোৱাৰ আনন্দ; হেৰুৱাৰ বেদনা,
মৃত্যু আহি পাইছে নিকট
নিষ্প্ৰভ নিশাৰ বিষম অনুভৱ।।
জীৱন তৰ্জুত জুখিছে সুখ
এমুঠি দুখ ; এমুঠি সুখ,
সুখৰ সন্ধান অব্যাহত যেন
দুখৰ বনানীত সুখৰ পোক।।
তড়িৎ গতিৰে বৈছে জীৱন
কলিৰ যুগত সাৱধানৰ মৰণ,
অশাশ্বত ক্ষণৰ ক্ষণস্থায়ী সুখ
জীৱন তৰ্জুত তৰহৰ দুখ।।
জীৱনৰ অৰ্থক তাচ্ছিল্য কৰি
তন্ময় মনত তন্দ্ৰা সানি,
সুখৰ দৰদাম কৰোঁতে আজি
অধিক মাছত কণা বগলী আমি।।
অলীক কল্পনাৰ ৰহণ সানি
নীৰৱ দৰ্শক মানৱ আমি,
অলীক সপোনৰ পম খেদি খেদি
জীৱনৰ তৃষ্ণা সুখক বিচাৰি।।
ত্যাজ্য জীৱন; দুখেই কাৰণ
ত্যক্ত সুখক সাৱটিবৰ মন,
মনৰ তোষামোদ কৰি প্ৰত্যাখ্যান
ত্বৰিত গতিৰে গাম জীৱনৰ গান।।
অশেষ কষ্টৰ শ্ৰমৰ অন্তত
তৰ্জুত উঠিল সুখৰ ফাল,
নিক্ষিপ্ত জীৱনক বুকুত সাৱটি
সুখৰ তুৰগৰ পিঠিত উঠি,
পালোঁ মই সেই সুখৰ সন্ধান।।
দাপোণত উজ্জ্বলিল সুখৰ মুখ
একালি দুখ হ'লে একালি সুখ,
জ্ঞানীৰ বাক্য এনেয়ে নহয়
সঁচাই পালোঁ মই এমুঠি সুখ।।