নৱ প্ৰজন্ম আৰু মোবাইল ফোনৰ প্ৰভাৱ-ভাস্বতী কলিতা

©Admin
0
বৰ্তমান সময়ত গোটেই বিশ্বই ইলেক্ট্রনিক মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। মোবাইল ফোন হৈছে এনে এটা ইলেকট্রনিক মাধ্যম যাৰ দ্বাৰা ছাত্র-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলোৰে ওপৰত প্ৰভাৱ পেলাইছে। সমগ্র বিশ্বত এতিয়া মোবাইল ফোনৰ দ্বাৰা বিভিন্ন তথ্য সংগ্রহ কৰিব পাৰি। মোবাইলৰ যেনেকৈ ভাল দিশ আছে তাৰে কিছুমান আকৌ বেয়া দিশো আছে। অত্যাধিক মোবাইল ফোনৰ ব্যৱহাৰে নৱ প্ৰজন্মৰ মাজত এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছে। মোবাইল ফোনৰ জৰিয়তে লাভ কৰা বিভিন্ন তথ্যৰ ভিত্তিত যিদৰে নৱ প্ৰজন্ম আগুৱাই গৈছে সেইদৰে ইয়াৰ পৰা পোৱা বহু অজ্ঞানতাৰ ধ্বংসৰ গৰাহলৈ নিজকে ঠেলি দিছে। মোবাইলে ল'ৰা ছোৱালীৰ মস্তিষ্কৰ ওপৰতো প্ৰভাৱ পেলায়। মোবাইলত উপলব্ধ বিভিন্ন গেম সমূহে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক ধ্বংসৰ পিনে ঠেলি দিছে আৰু কত ল'ৰা ছোৱালী মৃত্যু মুখতো পৰিছে। এনে ধৰণৰ গেম সমূহ যদি বন্ধ নকৰে তেনেহলে সমাজৰ পৰা উঠি অহা বহুতো ল'ৰা ছোৱালী ধ্বংস হ'ব। বৰ্তমান সময়ত হোৱা অনলাইন শিক্ষাৰ ফলত স্কুলীয়া- কলেজীয়া ছাত্র-ছাত্ৰী সকলৰ মাজত মোবাইল অতি জনপ্ৰিয় হৈ পৰিছে। এই শিক্ষাৰ ফলত বহুতো ফলপ্রসূ হোৱা বুলি ভবা যায় যদিও ফলপ্রসূ হোৱা নাই। ইয়াৰ ফলত ছাত্র-ছাত্ৰী সকলক মোবাইলৰ প্ৰতি অধিক আসক্তি দেখা গৈছে। এনেধৰণৰ শিক্ষা ব্যৱস্থাই সমাজত ফলপ্রসূ ৰূপ দিয়াৰ বিপৰীতে শিক্ষাৰ্থী সকলক অধিক বিশৃঙ্খলহে কৰিছে। সময়ৰ গতিত মোবাইল ফোন সকলো জনসাধাৰণৰ মাজত যি দৰে এক অপৰিহাৰ্য অংগ হৈ পৰিছে ঠিক সেইদৰে ইয়াৰ অধিক প্ৰচলনে নৱ প্ৰজন্মৰ মাজত এখন বিপৰীত চিত্র অংকন কৰিছে।

◾ভাস্বতী কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)